CIIRCLE INSPECTOR”PSO ARRESTED ON BRIBERY CHARGES IN DARRANG : পুনৰ খাকী পোছাকত দাগ লগালে দুজনকৈ আৰক্ষীয়ে !

WhatsApp Image 2022 10 12 at 21.32.12

CIIRCLE INSPECTO,PSO ARRESTED ON BRIBERY CHARGES IN DARRANG : পুনৰ খাকী পোছাকত দাগ লগালে দুজনকৈ আৰক্ষীয়ে ৷ ঘোচ লওঁতেই হাতে লোটে কৰায়ত্ব কৰে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই ৷ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীৰ চক্ৰ পৰিদৰ্শক অচ্যুত দত্ত আৰু তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী দিগন্ত বৰুৱাক ঘোচ লোৱাৰ সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই আটক কৰে ৷

উল্লেখ্য যে অপৰাধৰ গোচৰৰ পৰা ৰেহাই দিয়াৰ বাবদ এজন লোকৰ পৰা দাবী কৰিছিল ২০ হাজাৰ টকা৷ইতিমধ্যে পাঁচ হাজাৰ আগধন লোৱাৰ পিছত আজি সন্ধিয়া ভাগত পিছৰ ১৫ হাজাৰ লওঁতেই দুৰ্নীতি নিবাৰকৰ জালত পৰে ৷ আটকাধীন দুয়োজন আৰক্ষীকে গুৱাহাটীলৈ জেৰাৰ বাবে আনিছে দুৰ্নীতি নিবাৰক শাখাই ৷

Exit mobile version