Electric Scooters : এই তিনি বৈদ্যুতিক স্কুটাৰে দিয়ে শ্ৰেষ্ঠ ৰেঞ্জ

জানি ল‌ওক দাম আৰু বৈশিষ্ট্য

WhatsApp Image 2022 10 12 at 21.02.48

Best Range Electric Scooters : ইন্ধন মূল্যৰ জুইত জ্বলিছে দেশবাসী । বিকল্প হিচাপে এতিয়া ইলেকট্রিক গাড়ী বা দু-চকীয়াৰ কথা ভাবিছে ভাৰতে । দেশবাসীৰ সেই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি দৈনন্দিন বাঢ়িছে ইলেকট্রিক স্কুটাৰ মুকলি । জানি ল‌ওক, কোন ইলেকট্রিক স্কুটাৰত অধিক ৰেঞ্জ পাব আপুনি ।

Electric Scooters : বর্তমান ভাৰতত ইলেকট্রিক স্কুটাৰ বিক্রী বৃদ্ধি পাইছে । গ্রাহকসকলক আকৃষ্ট কৰিবলৈ বৈদ্যুতিক স্কুটাৰ নির্মাতাসকলে প্রায়েই নতুন মডেল মুকলি কৰিছে । য’ত অধিক ৰেঞ্জ অফাৰ কৰিছে কোম্পানিয়ে । এতিয়া আপুনি যদি এনে এটা ইলেকট্রিক স্কুটাৰ কিনাৰ কথা ভাবে, তেনেহ’লে সৰ্বপ্ৰথমে ৰেঞ্জৰ কথাই মনত আহিব আপোনাৰ । অৱশ্যে আজি আমি আপোনাক ভাৰতীয় বজাৰত উপলব্ধ, এনে তিনিটা মডেল সম্পর্কে ক’ম, যাৰ ৰেঞ্জ অতি শক্তিশালী ।

অ’লা এছ১ (১৮০ কি.মি.)
এইটো দেশথ ৰ্বাধিক ৰেঞ্জৰ ইলেকট্রিক স্কুটাৰ । অ’লা ইলেকট্রিক কোম্পানিয়ে এই স্কুটাৰৰ দুটা ভেৰিয়েন্ট বজাৰত মুকলি কৰিছে । এছ১ আৰু এছ১ প্র’ । অ’লা এছ১ ইলেকট্রিক স্কুটাৰ এবাৰ চাৰ্জ কৰিলে ১৮০ কিলোমিটাৰ পর্যন্ত ৰেঞ্জ পোৱাৰ সম্ভাৱনা আছে বুলি দাবী কৰিছে কোম্পানিয়ে । বর্তমান, এই স্কুটাৰবোৰ ১০ হেজাৰ টকা পর্যন্ত অনুমোদন দিছে । ইয়াৰ এক্স-শ্ব’ৰুম মূল্য প্রায় ১.৪০ লাখ টকা ।

হিৰ’ ভিদা (১৬৫ কি.মি.)
এই নতুন ইলেকট্রিক স্কুটাৰটো সম্প্রতি উন্মোচন কৰিছে হিৰ’ ভিদা ভি১ প্লাছ আৰু হিৰ’ ভিদা ভি১ প্ৰ’ৰ দৰে দুটা ভেৰিয়েন্টে পাব ক্রেতাসকলে । এই স্কুটাৰত এটা ৩.৯৪ কিলোৱাট লিথিয়াম-আয়ন বেটেৰিপেক দিয়া হৈছে । হিৰ’ ভিদা ভি১ প্ৰ’ এবাৰ সম্পূৰ্ণ চার্জ কৰিলে ১৬৫ কিলোমিটাৰ পর্যন্ত যাব পাৰে । ইয়াৰ এক্স-শ্ব’ৰুম মূল্য ১.৫৯ লাখ টকা ।

হিৰ’ ইলেক্ট্ৰিক অপ্টিমা চিএক্স
হিৰ’ ইলেক্ট্ৰিকৰ এই ইলেকট্রিক স্কুটাৰটোত এটা ৫২.২ ভ’ল্ট, ৩০ এএইচ লিথিয়াম ফছফেট বেটেৰী আছে । এই স্কুটাৰত ক্রুজ কন্ট্র’ল, ৰিভাৰ্চ মোড, ৰিম’ট লক, ইউএছবি চার্জিং প’র্ট, এন্টি-থেফট্ এলার্ম, ৱাক এছিষ্ট ফাংছনৰ দৰে ফিচাৰ দিয়া হৈছে । ইয়াক এবাৰ সম্পূর্ণ চার্জ কৰিলে ১৪০ কিলোমিটাৰ পর্যন্ত ৰেঞ্জ দিয়ে । ইয়াৰ শ্ব’ৰুম মূল্য প্রায় ৭৮,০০০ টকা । তথ্য অনুসৰি, শীঘ্রে আৰু এটা নতুন ইলেকট্রিক স্কুটাৰ লঞ্চৰ কথা ভাবিছে হিৰ’ই । অৱশ্যে সেইটো হ’ব পাৰে মেক্সি স্কুটাৰ ।

Exit mobile version