Interpol : মোদী চৰকাৰৰ আবেদন খাৰিজ ইন্টাৰপ’লত !

খলিস্তানি নেতাৰ বিৰুদ্ধে ‘ৰেড কর্নাৰ ন'টিছ’ জাৰি নহয়

WhatsApp Image 2022 10 12 at 19.50.43

Interpol : খলিস্তানপন্থী সংগঠন ‘শিখছ ফৰ জাষ্টিছ’ (এছএফজে)-ৰ প্রধান গুৰুপতৱন্ত সিং পন্নুনৰ বিৰুদ্ধে ভাৰতৰ ‘ৰেড কর্নাৰ ন’টিছ’ জাৰি কৰাৰ দাবী খাৰিজ কৰিলে আন্তর্জাতিক আৰক্ষী সংস্থা ইন্টাৰপ’লে । তথ্য অনুসৰি, কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআইৰ তৰফৰ পৰা ভাৰতত নিষিদ্ধ ঘোষিত এই সংগঠনৰ প্রধানৰ বিৰুদ্ধে নানা ‘তথ্যপ্রমাণ’ দিয়া হয় যদিও ইন্টাৰপ’ল সন্তুষ্ট নহয় ।

২০১৯ৰ জুলাইত ‘শিখ ফৰ জাষ্টিছ’ সন্ত্ৰাসবাদী গোষ্ঠীক ভাৰতত ‘আনল’ফুল এক্টিভিটিজ প্রিভেনছন এক্ট’ (ইউএপিএ) আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰিছিল কেন্দ্র‌ই । ফলত নৰেন্দ্র মোদী চৰকাৰৰ আবেদন খাৰিজ কৰি ইন্টাৰপ’লৰ তৰফৰ পৰা ইউএপিএ অপব্যৱহাৰৰ দিশে ইংগিত দিয়া হ’ল নে নাই, প্রশ্ন উত্থাপন হৈছে । যদিও কে’বাটাও আন্তর্জাতিক সংবাদমাধ্যমে তোলা সেই প্রশ্ন খাৰিজ কৰিছে কেন্দ্র‌ই ।

প্রসংগত, কিছু মাহ পূৰ্বে এটা ভিডিঅ’ বার্তাত (যাৰ সত্যতা পৰীক্ষণ কৰা নাই দৈনিক অগ্ৰদূতে) পন্নুনে দাবী কৰিছিল, পঞ্জাৱত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পার্টি (আপ)-ৰ অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানে তেওঁলোকৰ দলৰ বাবে ৬০ লাখ ডলাৰৰো অধিক অনুদান বিচাৰিছিল খলিস্তানপন্থী শিখসকলৰ পৰা ।

চোৰাংচোৱা সূত্রে খবৰ, বিদ্বেষ নিৰ্মূল কৰে এই সংগঠনটোৱে । এছএফজে-ৰ হোৱাটছ‌এপ্ গ্রুপত পাকিস্তানি গুপ্তচৰ সংস্থা আইএছআই এজেন্টসকল সক্রিয় । ভাৰত-বিৰোধী কার্যকলাপত আর্থিক সহায় কৰে এই নিষিদ্ধ সংগঠনে । এনেকি সামাজিক মাধ্যমত ভাৰত বিৰোধী প’ষ্ট দিব পাৰিলে বিদেশৰ কোনো দেশত নাগৰিকত্বৰ ব্যৱস্থা কৰি দিয়াৰ প্রতিশ্রুতি দি যুৱকসকলক প্রভাৱিত কৰাৰ চেষ্টা কৰে ।

সাম্প্রতিক কালত কৃষি আইন বিৰোধী আন্দোলনৰ সমর্থনত কানাডাৰ পৰা একাধিক বিবৃতি দিছিল ভাৰতত নিষিদ্ধ সংগঠন এছএফজে-য়ে । বিগত ছেপ্টেম্বৰত প্রধানমন্ত্রী মোদীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত বিক্ষোভ কাৰ্যসূচীৰো আহ্বান জনাইছিল তেওঁলোকে । পাছত কেন্দ্রৰ তৰফৰ পৰা খলিস্তান আন্দোলনৰ সমর্থক এই সংগঠনটোৰ কার্যকলাপ নিয়ন্ত্রণৰ বাবে বিভিন্ন আন্তর্জাতিক মঞ্চত সক্রিয়তা আৰম্ভ হয় ।

Exit mobile version