THA SHRIMAD BHAGAVAD GITA : ভাগৱৎ গীতাত জীৱনৰ সফল হোৱাৰ শিক্ষা দি গৈছে ভগৱান শ্ৰী কৃষ্ণই । মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে অৰ্জুনে কিদৰে নিজৰ আপোনজনৰ ওপৰত অস্ত্ৰচালনা কৰিব, সেই সংশয়ক জয় কৰিবলৈ জীৱন দৰ্শনৰ শিক্ষা দান কৰিছিল ভগৱান শ্ৰী কৃষ্ণই । গীতাৰ প্ৰতিটো শ্লোকেই আমাক জীৱন সম্পৰ্কে মূল্যবোধৰ শিক্ষা দিয়ে । জীৱনক কিদৰে জয় কৰিব, জীৱন জীয়াবলৈ কেনেকৈ সঠিক পথৰ সন্ধান কৰিব ,সেই সম্পৰ্কে গীতাৰ বাণীয়ে আমাক জীৱন দৰ্শনৰ শুদ্ধ পথ দেখুৱাই জীৱনটো সুন্দৰ কৰি তোলে ।
গীতাৰ মুঠ ১৮ টা অধ্য়ায়ত ৭০০ টা শ্লোক আছে । এই সকলো শ্লোকত আমাৰ জীৱনৰ সমস্ত সংশয় আৰু সমস্যাৰ সমাধানৰ সূত্ৰ বিচাৰি পোৱা যায় । গীতাৰ শ্লোকসমূহ সঠিকভাৱে অনুকৰণ কৰিলে জীৱনত সফলতা লাভ কৰাটো খাটাং । জীৱনত সফলতা লাভ কৰিবলৈ আজি আমি আপোনালোকক গীতাৰ পাঁচটা উপদেশৰ বিষয়ে জ্ঞাত কৰিম ।
১/ শ্ৰী কৃষ্ণই গীতাত কৈছে , মানুহে মনৰ ভিতৰত থকা গোঢ়ামী ভাৱ দূৰ কৰিব নোৱাৰিলে ,কেতিয়াও সফল হ’ব নোৱাৰে । মানুহৰ জীৱনৰ প্ৰধান অন্তৰায় হৈছে গোঢ়ামী বা জেদভাৱ । আমাৰ মনত থকা উচ্চ-নীচৰ ভেদভাৱে ইগ’ৰ সৃষ্টি কৰে । শ্ৰী কৃষ্ণই কৈছে , ‘’ কৰ্ম কৰি যোৱা ফল আশা নকৰিবা ।‘’ অৰ্থাৎ ফল আশা নকৰাকৈ নিজৰ কৰ্ম কৰি গলে সেই ফলে মানুহক সাফল্য দিয়ে ।
২/ যিসকল লোকে যোগ-ধ্যান নকৰে , সেইজনৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা লুপ্ত হয় । কাৰণ ধ্যানৰ অভ্যাসে মানুহক নিজক চিনি পাবলৈ শিকায় । অৰ্থাৎ যিজনে নিজক চিনি পাই তেওঁ জীৱনৰ যিকোনো সিদ্ধান্ত ল’বলৈ কুণ্ঠাবোধ নকৰে লগতে ধ্যানে মানুহৰ মনত আৱেগৰ সৃষ্টি কৰে । যাৰ মনত আৱেগ নাথাকে , তেওঁৰ মনত কেতিয়াও শান্তি প্ৰাপ্তি নহয় আৰু এইসকল লোকে জীৱনত কতো শান্তিৰ সন্ধান কৰিব নোৱাৰে । অৰ্থাৎ গীতাত ভগৱান কৃষ্ণই কোনো কাম কৰাৰ পূৰ্বে যোগ-ধ্যান কৰিবলৈ উপদেশ দিছে ।
৩/ শ্ৰী কৃষ্ণই গীতাত কৈছে , কোনো লোকে কেতিয়াও আন কোনো ব্যক্তিৰ পৰা কোনোধৰণৰ আশা কৰিব নালাগে । অৰ্থাৎ নিজৰ কৰ্মক ধৰ্ম ভাৱি কৰি যাৱলৈ পৰামৰ্শ দিছে । কামনা বাসনা ত্যাগ কৰি কাম কৰি গ’লে জীৱনত শান্তি আৰু সাফল্য আহে ।
৪/ গীতাৰ এক অধ্যায়ত ভগৱান কৃষ্ণই প্ৰিয় সখা অৰ্জুনক কৈছে , হে অৰ্জুন , যিসকল ব্যক্তিয়ে আমাক যি ভাৱে স্মৰণ কৰে, আমি তেওঁক সেইধৰণেই ফল প্ৰদান কৰো । আমি দেখুওৱা পথ অনুকৰণ কৰিলে সকলোৱে জীৱনত মোক্ষলাভ কৰিব ।
৫/ শ্ৰী কৃষ্ণই অৰ্জুনক কৈছিল , হে অৰ্জুন , তোমাৰ কাম কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । সেই কামৰ ফল কি হ’ব পাৰে , সেইকথা নভৱাকৈ বা ভয় নকৰাকৈ মনে বিচৰা ধৰণে কাম কৰি যাব লাগে । যিকোনো পৰিস্থিতিতেই নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা পিছুৱাই আহিব নালাগে ।