গজাল আৰু পেলনীয়া সামগ্ৰীৰে ছবি অংকন

GOALPARA ARTIS : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত গোৱালপাৰাৰ শিল্পী মৃণাল দাসৰ

WhatsApp Image 2022 10 13 at 18.16.11

GOALPARA ARTIS : গোৱালপাৰাৰ শিল্পী মৃণাল দাসে গজাল আৰু পেলনীয়া সামগ্ৰীৰে ছবি অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । শিল্পী গৰাকীয়ে মহান মহান ব্যক্তি যেনে ভূপেন হাজৰিকা, কণ্ঠ শিল্পী লতা মংগেস্কৰ,প্ৰতিমা বৰুৱা পাণ্ডে আদিৰ প্ৰতিচ্ছবি গজালেৰে অংকন কৰিছে ।কেৱল গজালেৰেই নহয় মৃণালে পেলনীয়া সামগ্ৰী আৰু ঘৰুৱা ব্যবহৃত সামগ্ৰীৰে প্ৰস্তত কৰিছে টাইটানিক জাহাজ , তাজমহল , লণ্ডন ব্ৰিজ, তাজমহল, কামাখ্যা মন্দিৰকে ধৰি তেওঁৰ হস্তবিদ্যাৰ যাদুৰে জিয়াই তুলিছে ।

গোৱালপাৰা চহৰৰ শাস্ত্ৰী নগৰৰ নিবাসী মৃনাল দাস পেছাত তেওঁ এগৰাকী জলসম্পদ বিভাগত কৰ্মৰত কৰ্মচাৰী । গোৱালপাৰাৰ মৃনাল দাস একো কাৰিকৰি প্ৰশিক্ষন নোলোৱাকে সাজি উলিয়াইছে বিভিন্ন ধৰনৰ হস্তশিল্পৰ লগতে তেওঁ লোৰ গোজালেৰে সাজিছে বহু মহান মহান ব্যক্তিৰ প্ৰতিচ্ছবি। মটৰ চাইকেলৰ ইঞ্জিনৰ সামগ্রীৰে তেও নিৰ্মাণ কৰি আছে হেলিকপ্টাৰ। তাৰোপৰি গিটাৰ,, পুৰণা কাগজ, পুটিং আদি বিভিন্ন বস্তুৰে তেওঁ সাজিছে বহু মন পুলকিত কৰিব পৰা সামগ্ৰী ।

মন কৰিব লগিয়া কথা অসমৰ তেওঁ একমাত্ৰ গজালেৰে ছবি বনোৱা শিল্পী । ২০১৪ চনৰ পৰাই তেওঁ এই চিত্ৰকলা আৰু হস্তবিদ্যাৰ লগত জড়িত বুলি জানিবলৈ দিয়ে শিল্পী গৰাকীয়ে ।গজাল আৰু পেলনীয়া সামগ্ৰীৰে ছবি অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱাত চহৰবাসী ৰাইজে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ।

Exit mobile version