LABOUR DIES AFTER FALLING BUILDING : মহানগৰীৰ এপাৰ্টমেণ্ট বিল্ডিংৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু

WhatsApp Image 2022 10 13 at 18.06.31

LABOUR DIES AFTER FALLING BUILDING : বৃহস্পতিবাৰে মহানগৰীৰ লাচিত নগৰ অঞ্চলৰ এটা এপাৰ্টমেণ্টৰ অট্টালিকাৰ পৰা পৰি এজন শ্ৰমিকৰ মৃত্যু হয় । জগন্নাথ এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ পৰা সৰি পৰে ৷ মৃত ব্যক্তিজনক ভোলা বুলি চিনাক্ত কৰা হৈছে । সন্দেহ কৰা মতে শ্ৰমিকজনে স্কেফল্ডিংত কাম কৰি থাকোতেই অকস্মাৎ তললৈ সৰি পৰে ।

উল্লেখ্য যে শ্ৰমিকজন বিশিষ্ট শৰীৰ চৰ্চাবিদ মহাদেৱ ডেকাৰ ভাতৃৰ মালিকানাধীন এপাৰ্টমেণ্টৰ নিৰ্মাণৰ কামত নিয়োজিত আছিল শ্ৰমিকজন ৷ শ্ৰমিকজন গুৰুত্বৰভাৱে আহত হোৱাৰ পিছত স্থানীয় লোকে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

Exit mobile version