CITANG CYCLONES IN WB : দীপাৱলীৰ লগে লগে পশ্চিম বংগত আহিব ঘূৰ্ণী বতাহ চিত্ৰাং : ঘণ্টাত ২২০ ৰ পৰা ২৫০ কিলোমিটাৰ গতি-বেগত আহিব এই সাগৰীয় ঘূৰ্ণী

WhatsApp Image 2022 10 13 at 19.12.23 1

CITANG CYCLONES IN WB : পূজা বুলিলেই পশ্চিমবংগত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয় । চলিত অক্টোবৰ মাহৰ প্ৰতিটো দিনেই ৰাজ্যখনত পূজাৰ পৰিবেশে বিৰাজ কৰিছে । তেনে সময়তে ৰাজ্যখনলৈ আহিছে এক দু: খবৰ । কালী পূজাৰ লগে লগেই বঙ্গোপ সাগৰত সৃষ্টি হৈছে ঘূৰ্ণী বতাহৰ তাণ্ডৱ । বঙ্গোপ সাগৰত সৃষ্টি হোৱা এই নতুন ঘূৰ্ণী বতাহৰ নাম দিয়া হৈছে ‘ চিত্ৰাং’।
কানাডাৰ ছাছকাচোৱান ইউনিভাৰ্চিটিৰ জলবায়ু বিষয়ক গৱেষক মোস্তাফা কামাল পলাশে দাবী কৰিছে যে, আগন্তুক ১৭ অক্টোবৰত বঙ্গোপ সাগৰৰ তলত সৃষ্টি হ’ব এটা নিম্নচাপ ।

১৮ অক্টোবৰত এই নিম্নচাপ অধিক শক্তিশালী হৈ উঠিব আৰু ২৫ অক্টোবৰত এই নিম্নচাপটো এটা চুপাৰ চাইক্লোনলৈ পৰিণত হ’ব । যদিও এই সন্দৰ্ভত বৰ্তমানলৈকে দিল্লীৰ বতৰ ভৱনে কোনো তথ্য সদৰী কৰা নাই । জলবায়ু বিষয়ক গৱেষক মোস্তাফাই প্ৰথমতে জনাইছিল যে , এই ঘূৰ্ণি বতাহ বাংলাদেশৰ সুন্দৰবন উপকূল আৰু পশ্চিমবংগৰ উপকূলৰ মধ্যস্থানৰ অঞ্চলত আহিব । অৱশ্যে , দেওবাৰে এই পূৰ্বাভাস সলনি কৰি কয় যে , এই ঘূৰ্ণিবতাহ অন্ধ্ৰপ্ৰদেশৰ উপকূলৱৰ্তী অঞ্চলত অহাৰ সম্ভাৱনা আছে । অৰ্থাৎ এই ঘূৰ্ণী বতাহ নিৰ্দিষ্টকৈ কোন ঠাইত বেছিকৈ প্ৰভাৱিত কৰিব সেই বিষয়ে কোনো সঠিক পূৰ্বাভাস দিব পৰা নাই গৱেষক সকলে ।

বিশেষজ্ঞসকলে কৈছে যে , এই ‘চিত্ৰাং’ নামৰ ঘূৰ্ণী বতাহ প্ৰায় ২২০ ৰ পৰা ২৫০ কিলোমিটাৰ গতিবেগত আহিব । যি গতি-বেগত উপকূলীয় অঞ্চলত জোৱাৰৰ পানী প্ৰায় ১৫ ৰ পৰা ২০ ফুট উচ্চতালৈ উঠিব । যদি এই ভৱিষ্যতবাণী সত্য হয় , তেন্তে ২০২০ চনৰ ‘ আস্ফান’ ঘূৰ্ণি বতাহতকৈও ই বেছি শক্তিশালী হ’ব ।

উল্লেখযোগ্য যে , বিগত মে’ মাহত অন্ধ্ৰপ্ৰদেশত আহিছিল ঘূৰ্ণী বতাহ ‘ অশনি’ । এই সময়ৰ নামাকৰণ অনুযায়ী সম্ভাব্য এই ঘূৰ্ণী বতাহৰ নাম ৰাখিছে ‘চিত্ৰাং’ । বিশেষজ্ঞ দলৰ এই ঘোষণাৰ পিছতে এতিয়া উপকূলীয়া ৰাজ্যখনত এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Exit mobile version