King Charles : ছয় মে’ত ৰাজঅভিষেক হ’ব ৰজা তৃতীয় চার্লছৰ

WhatsApp Image 2022 10 13 at 17.30.23

King Charles : ৰজা হোৱাৰ আঠ মাহ পাছত, আগন্তুক বছৰৰ ছয় মে’ত, ৰাজঅভিষেক হ’ব ব্রিটেইনৰ ৰজা তৃতীয় চার্লছৰ । বাকিংহাম প্রাসাদৰ তৰফৰ পৰা এটা বিবৃতি জাৰি কৰি জনাইছে, সেইদিনাখন আনুষ্ঠানিকভাৱে ‘কুইন কনছর্ট’ ঘোষণা কৰা হ’ব চার্লছৰ পত্নী কেমিলাকো ।

প্রথামাফিক, ৱেষ্টমিনষ্টাৰ এবিত এই অনুষ্ঠানৰ দায়িত্বত থাকিব আর্চবিছপ অৱ কেন্টাৰবেৰি। । বাকিংহামৰ বিবৃতিত জনোৱা হৈছে, ঐতিহ্যৰ শিখৰ অটুট ৰাখিও কেনেদৰে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নতুন ৰজাই তেওঁৰ ভূমিকা পালন কৰিব, তাৰেই প্রতিফলন থাকিব সেইদিনাৰ অনুষ্ঠানত ।

১৯৫৩ত ৰাণী দ্বিতীয় এলিজাবেথৰ অভিষেকৰ অনুষ্ঠানতকৈ ‘সৰু’ হ’ব চার্লছৰ অভিষেক-অনুষ্ঠান । ৰাণীৰ অভিষেকৰ অনুষ্ঠানত আছিল আঠ হেজাৰ অতিথি । তিনি ঘণ্টাৰো অধিক সময় ধৰি অনুষ্ঠান চলিছিল । অৱশ্যে ছয় মে’ত দুহেজাৰতকৈ অধিক অতিথিৰ সমাগম নহ’ব । অনুষ্ঠানৰ সময়ো এঘণ্টাৰ ভিতৰত বান্ধি দিয়া হৈছে ।

প্রাপ্ত তথ্য অনুসৰি, ৭০ বছৰ পূৰ্বে যে শৈলীৰে ৰাণী দ্বিতীয় এলিজাবেথৰ অভিষেক হৈছিল, এতিয়া সেইদৰে অনুষ্ঠান কৰিলে নানা প্রশ্ন উত্থাপন হ’ব পাৰে । সাত দশকত এখন ৰাষ্ট্রৰূপে ব্রিটেইন বহু সলনি হৈছে । চার্লছৰ ৰাজভিষেকতো সেই পৰিৱর্তনৰ আভাস থকা জৰুৰী । তদুপৰি, অতিমাৰী-পৰৱর্তী এই সময়ত দেশৰ অনেকেই অর্থনৈতিক সংকটৰ সন্মুখীন হৈছে । এনে পৰিস্থিতিত অতিৰিক্ত জাক-জমক কৰি ৰাজঅভিষেক হ’লে নতুন ৰজাৰ সংবেদনশীলতাকলৈও প্রশ্ন উঠিব পাৰে । অৱশ্যে সম্পূৰ্ণ ঐতিহ্য মতেই এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব বুলি ৰাজপৰিয়ালৰ ঘনিষ্ঠ সূত্রে জনাইছে ।

অভিষেকৰ সময়ত ৰজাৰ কপালত, বুকু আৰু হাতত লগোৱা হ’ব পৱিত্র তেল । তাৰ পাছত তেওঁৰ হাতত তুলি দিয়া হ’ব সোণৰ গোলক, যিয়ে সমগ্ৰ বিশ্বত খ্রিষ্টধর্মৰ আধিপত্যৰ প্রতীকৰূপে গণ্য কৰা হয় । তেওঁক ৰাজ আঙুঠি পিন্ধোৱা হ’ব, দিয়া হ’ব ৰাজদণ্ড । তাৰ পাছত মূৰত পিন্ধাই দিয়া হ’ব ৰাজমুকুট । অভিষেকৰ দিনা চার্লছে চেন্ট এডৱার্ডছ ক্রাউন পৰিধান কৰিব, যিটো ১৬৬১ত দ্বিতীয় চার্লছৰ বাবে তৈয়াৰ কৰা হৈছিল ।

কুইন কনছর্ট কেমিলাৰো সেইদিনাখনেই অভিষেক হ’ব । ৰাণী দ্বিতীয় এলিজবেথৰ মাতৃয়ে পৰিধান কৰা কহিনুৰ থকা মুকুট পৰিধান কৰিব তেওঁ ।

Exit mobile version