PIPLI CHENG FISH RECVER :জামুগুৰিহাটত বিপন্ন প্ৰজাতিৰ পিপলি ছেং মাছ সহ দুজনক আটক

WhatsApp Image 2022 10 13 at 18.15.28

PIPLI CHENG FISH RECVER : জামুগুৰিহাটত বনবিভাগে গোপন খবৰৰ ভিত্তিত দুটা বিপন্ন প্ৰজাতিৰ পিপলি ছেং মাছ উদ্ধাৰ কৰাৰ লগতে চোৰাং মাছৰ ব্যৱসায়ীৰ লগত জড়িত দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।ধৃত লোক দুজনৰ নাম আনোৱাৰ হুছেইন আৰু জাকিৰ হুছেইন।ধৃত আনোৱাৰা হুছেইনৰ ঘৰ ভোগখোৱা চাপৰিৰ বীপৰিতে আনজন ধৃত জাকিৰ হুছেইনৰ ঘৰ পাঁচ মাইলৰ গৰছিঙা বিহিয়া গাঁওত।

বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অভিযানত অভিযানত পিপলি চেং মাছৰ চোৰাং ব্যৱসায়ৰ স’তে জড়িত থকাৰ অভিযোগত আটকাধীন দুয়োজনকে ইতিমধ্যে বনবিভাগে জেল হাজোতলৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে উদ্ধাৰ হোৱা পিপলি ছেং মাছ দুটাৰ এটাৰ ইতিমধ্যে মৃত্যু হোৱাৰ বিপৰীতে আনটো মাছ জীৱিত অৱস্থাত আছে । জানিব পৰা অতিকৈ বিৰল এই বিপন্ন পিপিলি চেং মাছৰ মূল্য অত্যাধিক হোৱাৰ লগতে এই মাছবিধ চোৰাং ভাৱে বহিঃৰাষ্ট্ৰলৈ ৰপ্তানি কৰে চোৰাং মৎস্য ব্যৱসায়ীয়ে ।

Exit mobile version