SMARTPHONE : প্ৰায় স্মাৰ্টফোনৰ ওপৰত এটা সৰু ছিদ্ৰ থাকে । ইয়াৰ কাৰণ জানেনে ?

WhatsApp Image 2022 10 13 at 13.27.48

SMARTPHONE : সকলো স্মাৰ্টফোনৰ পিছফালে কেমেৰা আৰু সমানেই এখন ডিছপ্লে থাকে । এই ডিছপ্লেৰ ওপৰতে থাকে ছেলফি কেমেৰা ।একেদৰে ফোনৰ চাৰিওফালে বহুধৰণৰ ছিদ্ৰ থকাৰ লগতে ফোনৰ তলত থাকে চাৰ্জিং পইণ্ট । য’ত চাৰ্জাৰ সংযোগ কৰিলেই ফোন চাৰ্জ হয় । ফোনত স্পিকাৰত ভিতৰৰ পৰা শব্দৰ ধ্বনি আহে । কলিং মাইক্ৰফোনৰ মাধ্যমেৰে ভয়জ আৰু ভিডিঅ’ কলৰ সময়ত আমাৰ কণ্ঠ বাহিৰ হয় ।

একেদৰে ফোনৰ বাহিৰফালে থাকে ভলিউম বুটাম , পাৱাৰ বুটাম , ছিম ট্ৰে আৰু হেডফোনৰ সংযোগ । সকলো ফোনতে স্পিকাৰ চেট আপ ব্যৱহাৰ হয় আৰু সকলো ফোনৰ ওপৰত এটা সৰু ছিদ্ৰ থাকে । কিন্তু সকলো স্মাৰ্টফোনৰ ওপৰত কিয় এই ছিদ্ৰ থাকে , এইবিষয়ে আমি জ্ঞাত নহয় । কাৰণ স্মাৰ্টফোনৰ ভয়জ কলৰ দুটা মাইক্ৰফোন থাকে । ফোনৰ ওপৰত এই সৰু ছিদ্ৰৰ মাজতে থাকে এই দ্বিতীয় মাইক্ৰফোনটো । এই অংশই নয়েজ ক্যান্সেলিং মাইক্ৰফোন হিচাপে কাম কৰে । ধৰক, আপুনি কোনো ৰাষ্টাৰ দাঁতিত ফোনত কথা পাতিছে আৰু আপোনাৰ চাৰিওফালে বিভিন্ন শব্দ আহি আছে ।

এই সকলো শব্দক আওকাণ কৰি আপোনাৰ কণ্ঠস্বৰ উক্ত মানুহজনৰ ওচৰলৈ যাৱলৈ সহায় কৰে এই নয়েজ ক্যান্সেলিং মাইক্ৰফোনে । ভয়জ কল কৰাৰ সময়ত এই মাইক্ৰফোন এক্টিভেট হয় । এই দুটা মাইক্ৰফোনৰ কাম হৈছে অডিঅ’ কেপচাৰ কৰা । অৰ্থাৎ ই অপ্ৰয়োজনীয় শব্দক বাদ দি আপোনাৰ কথা-বতৰা সুন্দৰকৈ চলি যাৱলৈ সহায় কৰে ।
আপুনি কোনো ঠাইত ফোনত কথা পাতিবলগীয়া হ’লে বা ডাঙৰকৈ ক’বলগীয়া হ’লে, আপোনাৰ অজ্ঞাতে ভয়জ কলিঙৰ শব্দ এই ছিদ্ৰৰ সহায়ত ভাললৈ শুনিব পাৰি ।

Exit mobile version