GST ON PARATHA :পৰঠাৰ ওপৰত ১৮ শতাংশ জিএছ টি !

ৰুটি ওপৰত ৫ শতাংশ জি এছ টি

WhatsApp Image 2022 10 14 at 14.39.33

GST ON PARATHA : আপুনি পৰঠা খাই নিশ্চয় ভাল পায় ৷ কিন্ত আপুনি খাই ভাল পোৱা পৰঠাৰ অৰ্ডাৰ দিলেই এতিয়াৰ পৰা ভৰিব লাগিব ১৮ শতাংশ জিএছ টি ৷ একেদৰে ৰুটি খালেও দিব লাগিব ৫ শতাংশ জি এছ টি ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাট চৰকাৰে এই সম্বন্ধীয় নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে ৷ ৰাজ্য খনৰ সকলোৰে প্ৰিয় ফ্ৰজেন পৰঠাৰ ওপৰত লগোৱা হৈছে জি এছ টি ৷ উল্লেখ্য যে ৰাজধানী চহৰ আহমেদাবাদৰ এটা কোম্পানীয়ে চৰকাৰৰ ওচৰত জনোৱা আবেদনৰ পিছতে জিএছ টি লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

মনকৰিবলগীয়া যে শাসনাধিষ্ঠ বিজেপি চৰকাৰ খনে পৰঠাক ‘লাগজাৰি’ শ্ৰেণীত পৰে বুলি উল্লেখ কৰে ৷ আনহাতে গুজৰাট চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে জাঙুৰ খাই উঠে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিয়াল ৷ টুইট কৰি কেজৰিয়ালে মন্তব্য দিয়ে যে খোৱা খাদ্যৰ ওপৰত আনকি বৃটিছ শাসনৰ সময়ত ইংৰাজ চৰকাৰেও লগোৱা নাছিল ৷ এইয়া বিজেপি চৰকাৰ খনৰ হঠকাৰী সিদ্ধান্ত৷আগন্তুক নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব গুজৰাটবাসীয়ে ৷

Exit mobile version