STATE GOVT NOT GIVES GOVERNMENT BENIFITS TO FAMILIES WITH 4 CHILDREN IN MANIPUR : মণিপুৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

চাৰিটাকৈ অধিক সন্তান থকা পৰিয়ালৰ বাবে চৰকাৰী সুবিধা বন্ধ !

WhatsApp Image 2022 10 14 at 19.18.34

STATE GOVT NOT GIVES GOVERNMENT BENIFITS TO FAMILIES WITH 4 CHILDREN IN MANIPUR : মণিপুৰত চাৰিটাতকৈ অধিক সন্তান থকা পৰিয়ালৰ বাবে চৰকাৰী সুবিধা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে ৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে মণিপুৰ ৰাজ্যিক জনসংখ্যা আয়োগক অধ্যাদেশ জাৰি কৰাৰ নিৰ্দেশনা দিয়ে ৷ অৰ্থাৎ এতিয়াৰ পৰা ৰাজ্যখনত চাৰিটাতকৈ অধিক সন্তান থকা পৰিয়ালক কোনো চৰকাৰী লাভালাভ প্ৰদান কৰা নহ’ব ।

ৰাজ্যিক বিধানসভাই ইয়াৰ পূৰ্বে ৰাজ্যখনত জনসংখ্যা আয়োগ গঠনৰ বাবে প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল । মনকৰিবলগীয়া যে ২০১১বৰ্ষৰ লোকপিয়ল অনুসৰি মণিপুৰৰ জনসংখ্যা আছিল২৮.৪৬ লাখ। কিন্ত শেহতীয়াকৈ কিছু বৰ্ষৰ পৰা জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে পাহাৰীয়া ৰাজ্য খনত ৷

উল্লেখযোগ্য যে ২০২১ৰ ১ জানুৱাৰীৰ পিছৰ পৰা অসমত দুটাতকৈ অধিক সন্তান থকা যিকোনো ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা বঞ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে ৷

Exit mobile version