AISHWARYA RAI BACHCHAN :‘’ আজিৰ বিনোদন ’’ বচ্চন পৰিয়ালৰ ওপৰত কলীয়া ডাৱৰ

বিনিদ্ৰ ৰজনী পাৰ কৰিছে পুত্ৰবধু ঐশ্বৰ্য্য ৰায়ে

WhatsApp Image 2022 10 15 at 17.15.32

AISHWARYA RAI BACHCHAN : বলীউদ গ্লেমাৰ ৱৰ্ল্ডত তাৰকাৰ অভিনয় দক্ষতাৰ লগতে ব্যক্তিগত জীৱনত লৈও নেটিজেনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হয় কলা-কুশলী সকল । বিশেষকৈ তাৰকাৰ বিভিন্ন ফেশ্বন ফটো-ভিডিঅ’ তথা তেওঁলোকৰ পৰিয়ালৰ না-না মুখৰোচক কাহিনী লৈ ছ’চিয়েল মিডিয়াত মাজে-সময়ে বিভিন্ন কাহিনী প্ৰকাশ হোৱা দেখা যায় । আচলতে নেটিজেনে বলীউদ তাৰকাসকলৰ কোনো কথাই এৰি নিদিয়ে ।

বিশেষকৈ এই বলীউদ জগতৰ মহানায়ক অমিতাভ বচ্চন হৈছে এনে এটা ব্ৰেণ্ড যে, যি তিনিটা যুগৰ ডন, যাক চুই পোৱাটো ‘মুশকিল হ্যায় নেহি , না মুমকিন হ্যায় ।‘
সম্প্ৰতি এই মহানায়কজনৰ এনে এটা খবৰ বিয়পি পৰিছে যে , যাক লৈ হতবাক হৈছে সমগ্ৰ নেট জগত । আমি সকলোৱে জানো, অমিতাভ বচ্চনে নিজৰ অভিনয় কেৰিয়াৰত একাধিক হিট ছবি উপহাৰ দিছে । সমগ্ৰ দেশবাসীৰ হৃদয় জয় কৰা বচ্চনে বৰ্তমান এক বিলাসবহুল জীৱন-যাপন কৰি আছে । অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ দুটি সন্তান আছে শ্বেতা বচ্চন আৰু অভিষেক বচ্চন । অভিষেক বচ্চনে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিশ্বসুন্দৰী ঐশ্বৰ্য্য ৰায়ক বিবাহ কৰাইছে । বিগত সময়ত শহুৰেক অমিতাভ বচ্চনৰ লগত পুত্ৰবধু ঐশ্বৰ্য্য ৰায় বচ্চনৰ সম্পৰ্ক সম্পৰ্কে ব্যাপক চৰ্চা হৈছিল ইণ্টাৰনেট পৃথিৱীত ।

এইবাৰ আকৌ ছ’চিয়েল মিডিয়াত ঐশ্বৰ্য্য ৰায়ৰ অন্য এক খবৰে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে । সম্প্ৰতি ঐশ্বৰ্য্যক আৰক্ষীয়ে মাতি পঠাইছিল । ইণ্টাৰনেট জগতত ওলোৱা খবৰ অনুসৰি আৰক্ষীয়ে মাতি পঠোৱাত এতিয়া নিদ্ৰাহীন হৈ পৰিছে ঐশ্বৰ্য্য । অৱশ্যে ঐশ্বৰ্য্যক মাতি পঠোৱাৰ কাৰণ আছিল , ঐশ্বৰ্য্যৰ বিদেশত থকা সম্পত্তিৰ হিচাপ ল’বলৈহে এনেদৰে মাতি পঠাইছিল অভিনেত্ৰীগৰাকীক । যিহেতু এখন বিদেশৰ মেগাজিনত প্ৰকাশিত খবৰ অনুযায়ী অভিনেত্ৰীগৰাকীৰ বিদেশত আছে বিপুল সা-সম্পত্তি । সেই সূত্ৰেই অভিনেত্ৰীগৰাকীক আৰক্ষীয়ে সম্পত্তিৰ হিচাপ ল’বলৈ মাতি পঠাইছিল। এনেকৈ বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য্যক আৰক্ষীয়ে মাতি পঠোৱাক লৈ এতিয়া ব্যাপক আলোচনা হৈছে ইণ্টাৰনেটত

Exit mobile version