HILSA FISH : ইলিছ মাছৰ নামত আপুনি খাইছে বৰবিহ ! বহি: ৰাজ্যৰ পৰা আমদানি কৰা মাছত থাকিব পাৰে ফাৰ্মলিন , কেনেকৈ চিনিব এই মাছ ?

জানিবলৈ পঢ়ক –

WhatsApp Image 2022 10 15 at 15.58.13

HILSA FISH : মাছৰ ভিতৰত ইলিছ মাছৰ সোৱাদ আন মাছৰ লগত তুলনা নহয় । বাংলাৰ ঘৰে ঘৰে সকলো সময়ত মাছৰ এবিধ ব্যঞ্জন পোৱা যায় । অসমীয়া সমাজতো ৰান্ধনী শাল শুৱনি কৰে মাছৰ টেঙা জোলে । ভাৰতৰ উপকূলীয়া অঞ্চলত বসবাস কৰা সকলো লোকৰ মাছ অবিহনে আহাৰৰ থালিখন অসম্পূৰ্ণ হৈ পৰে । বৰ্ষাৰ আগমণৰ লগে লগে উপকূলীয়া অঞ্চলত মৎস্যজীৱিসকলৰ তৎপৰতা বৃদ্ধি পায় । ঘৰে ঘৰে ইলিছ মাছৰ লগতে অন্যান্য মাছ ধৰে ।

অৱশ্যে আজিকালি খাদ্য-দ্ৰব্যৰ লগতে মাছ-মাংসও ভেজাল হ’বলৈ ধৰিছে । দিনৰ পিছত দিন ধৰি মাছ বৰফত ৰখা দেখা যায় । এই বৰফত ৰখা মাছেই পিছত ব্যৱসায়ীসকলে অধিক দামত ক্ৰেতাক বিক্ৰী কৰি মুনাফা আদায় কৰে ।

কিন্তু মাছ প্ৰিয়সকলে হয়তো নাজানে যে তেওঁলোকে ভাল পোৱা এই মাছত বৰবিহ সোমাই আছে । অৰ্থাৎ বৰফত ৰখা এই মাছসমূহ বেয়া হৈ নাযাবৰ বাবে ফাৰ্মলিন দিয়া হয় । সম্প্ৰতি কেৰেলাৰ স্বাস্থ্য বিভাগে কোল্লাম জিলাৰ পৰা প্ৰায় ১০,০০০ কেজি এনে ফাৰ্মলিনযুক্ত মাছ জব্দ কৰিছে । জানি হয়তো ভয় খাব যে , এই বিষাক্ত ফাৰ্মলিন মৃতদেহ সংৰক্ষণ কৰিবলৈ মৰ্গত ব্যৱহাৰ কৰা হয় । ‘অপাৰেশ্যন সাগৰ ৰাণী’ আৰম্ভ হোৱাৰ পিছত ফাৰ্মলিনযুক্ত সাত হাজাৰ কেজি শিঙৰা মাছ আৰু ২৬০০ কেজি অন্যান্য প্ৰজাতিৰ মাছসহ মুঠ ২১,৬০০ কেজি মাছ জব্দ কৰিছিল কেৰেলা প্ৰশাসনে । ইফালে নগালেণ্ডত ফাৰ্মলিনযুক্ত মাছ বিক্ৰি নিষিদ্ধ কৰাৰ পিছতেই কহিমা জিলা প্ৰশাসনে প্ৰায় ১০ লাখ টকা মূল্যৰ ফাৰ্মলিন কঢ়িয়াই নিয়া চাৰিখন গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছিল । এই খবৰে মৎসপ্ৰেমীসকলক যথেষ্ট আতংকিত কৰি তুলিছিল ।
এতিয়া কথা হ’ল ফাৰ্মলিন কি ?

ফাৰ্মলিন হৈছে এবিধ অত্যন্ত বিষাক্ত ৰাসায়নিক পদাৰ্থ । যাক পচনৰোধী হিচাপে ব্যৱহাৰ কৰা হয় । ই হৈছে জ্বলাই উলিওৱা কাঠৰ পণ্য আৰু কাপোৰ তৈয়াৰ কৰিবলেও ইয়াক ব্যৱহাৰ কৰা হয় । ইয়াক জীৱাণুনাশক হিচাপেও ব্যৱহাৰ কৰা হয় । বিশেষকৈ মৃতদেহ ৰখা মৰ্গত মৃতদেহৰ বিভিন্ন অংগ পচি নাযাবলৈ ফাৰ্মলিন দি মৃত শৰীৰ সংৰক্ষণ কৰা হয় ।
ফাৰ্মলিনৰ ক্ষতিকাৰক প্ৰভাৱ :

ফাৰ্মলিনে মানুহৰ কাহ , শ্বাসৰ সমস্যা , বমি ভাৱ অহা বা ছালত জ্বলা ভাৱৰ সৃষ্টি কৰে । এই বিষাক্ত দ্ৰব্য দীৰ্ঘ সময়ৰ বাবে মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে ব্লাড কেন্সাৰৰ লগতে অন্যান্য কেন্সাৰ ৰোগ হোৱাত সহায় কৰে । আন্ত: জাৰ্তিক কেন্সাৰ গৱেষণা সংস্থা আৰু আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেছন উভয়ে ফাৰ্মলিনক মানৱদেহৰ বাবে অতিকৈ ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য হিচাপে চিহ্নিত কৰিছে । ফাৰ্মলিন মানৱদেহৰ মিউকাচ মেমব্ৰনৰ সংস্পৰ্শলৈ আহিলে মানুহৰ শ্বাস নলীত জ্বলা ভাৱ অহাৰ লগতে ডিঙিৰ অসুখ, নিউমোনিয়া আৰু ব্ৰংকাইটিছ দৰে ৰোগৰ সৃষ্টি কৰে । এনে ক্ষতিকাৰক প্ৰভাৱৰ বাবে মানুহৰ এলাৰ্জি আৰু লিভাৰৰ মাৰাত্মক ৰোগৰো আশংকা থাকে। সমান্তৰালকৈ ফাৰ্মলিনৰ পৰা মানুহৰ কিডনীৰো ক্ষতি হয় ।

এতিয়া কথা হ’ল ফাৰ্মলিনযুক্ত মাছ কেনেকৈ চিনাক্ত কৰিব ?
বজাৰত উপলব্ধ মাছত ফাৰ্মলিন আছেনে নাই খুউৱ সহজে ধৰিব নোৱাৰি । চিকিৎসকৰ মতে যি মাছত ফাৰ্মলিন দিয়া হয় ,সেই মাছ অন্য মাছতকৈ যথেষ্ট শকত হয় । অৰ্থাৎ তাজা মাছৰ তুলনাত ফাৰ্মলিনযুক্ত মাছ শকত হোৱা দেখা যায় । মাছৰ গোন্ধ থাকে যদিও ফাৰ্মলিনযুক্ত মাছৰ গোন্ধ তীব্ৰ হোৱা দেখা যায় । লক্ষ্যণীয় কথা যে , ফাৰ্মলিনযুক্ত মাছত কেতিয়াও মাখি নপৰে । সাধাৰণ দৃষ্টিত এই কথাকেইটা মন কৰিলেই আপুনি ফাৰ্মলিনযুক্ত মাছ সঠিককৈ চিনিব পাৰিব । উল্লেখযোগ্য যে , খোৱাৰ সময়ত আপুনি ফাৰ্মলিনযুক্ত মাছ কেতিয়াও চিনিব নোৱাৰে । একমাত্ৰ ৰাসায়নিক পৰীক্ষাৰ যোগেদিহে এই মাছ চিনাক্ত কৰিব পাৰি ।

ফাৰ্মলিনযুক্ত মাছ কেনেকৈ চাফা কৰিব ?
যদি মাছ কিনাৰ সময়ত আপুনি ফাৰ্মলিনৰ উপস্থিতি ধৰিব নোৱাৰে , তেন্তে সঠিক পদ্ধতিৰে ধুলে সেই ভয় কিছু হ্ৰাস পাব । বজাৰৰ পৰা কিনি অনা মাছখিনি প্ৰথমতে কমেও ১২ মিনিট সময় ধুব লাগে । ধুৱাৰ পিছত মাছখিনি বহু সময় পানীত ডুবাই ৰখাও আৱশ্যক । বিশেষকৈ ফাৰ্মলিনযুক্ত মাছ পৰীক্ষা কৰাত যথেষ্ট অসুবিধা হোৱাৰ বাবে এই মাছ বহু সময়জুৰি ধুব লাগে ।

তেনেক্ষেত্ৰত বজাৰত সহজে উপলব্ধ হোৱা মাছ বেছিভাগ বাহিৰৰ ৰাজ্যৰ পৰা আমদানি কৰা হয় । এনে মাছ পাৰিলে বৰ্জন কৰাটো বাঞ্চনীয় । বিশেষকৈ সকলোৰে প্ৰিয় ইলিছ মাছৰ চাহিদা অসমত বহুত বেছি । এই ইলিছ মাছৰ সৰ্বাধিক বহি: ৰাজ্যৰ পৰা আমদানি কৰা হয় । গতিকে সকলোৰে প্ৰিয় হ’লেও ইলিছ মাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত সকলোৱে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে ।

Exit mobile version