Kashmiri Pandit : পুনৰ এজন কাশ্মীৰি পণ্ডিতক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

WhatsApp Image 2022 10 15 at 15.43.28

Kashmiri Pandit : জম্মু আৰু কাশ্মীৰত পুনৰ আক্রান্ত সংখ্যালঘু । শনিবাৰে ছোপিয়ানত এজন কাশ্মীৰি পণ্ডিতক গুলীয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীসকলে । শীঘ্ৰে জিলা হাস্পাতাললৈ লৈ যোৱা হয় যদিও প্ৰাণ ৰক্ষা নহয় । সন্ত্ৰাসবাদীৰ তালাচী অভিযানত নামিছে নিৰাপত্তা বাহিনী । মৃতৰ নাম পুৰাণকৃষাণ ভট্ট । শনিবাৰে পুৱা তেওঁক ঘৰৰ সন্মুখতে গুলয়াই পলায়ন কৰে সন্ত্ৰাসবাদীসকলে ।

কাশ্মীৰ আৰক্ষীয়ে টুইটাৰত জনাইছে, ‘‘ছোপিয়ানৰ চৌদাৰি গুণ্ড অঞ্চলত বাগিচাত গৈছিল পুৰাণকৃষাণ । সেই সময়তেই সংখ্যালঘুজনক লক্ষ্য কৰি গুলী চালনা কৰি পলায়ন কৰে সন্ত্ৰাসবাদীসকলে । লগে লগে তেওঁক হাস্পাতালত লৈ যোৱা হয় । তাতেই তেওঁৰ মৃত্যু হয় । সমগ্ৰ অঞ্চল আৱৰি সন্ত্ৰাসবাদীসকলৰ তালাচী আৰম্ভ হৈছে ।’’

প্ৰাপ্ত তথ্য অনুসৰি, পুৰাণ ঘৰৰ পৰা ওলাইছিল । তেওঁক পাছফালৰ পৰা গুলী কৰে সন্ত্ৰাসবাদীসকলে । নিহতজনৰ এটি পুত্ৰ আৰু এটি কন্যা আছে । পুৰাণৰ নিজৰ ব্যৱসায় আছিল ।

উল্লেখ্য, ইয়াৰ পূৰ্বে ১৬ আগষ্টত দক্ষিণ কাশ্মীৰৰ এই ছোপিয়ানতেই সন্ত্ৰাসবাদীৰ হাতৰ হত্যা হৈছিল এজন কাশ্মীৰি পণ্ডিতৰ । সন্ত্ৰাসবাদীৰ গুলীত আহত হৈছিল তেওঁৰ পৰিয়ালৰ আন এজন সদস্য । চিতপোৰাৰ আপেল বাগিচাত প্ৰৱেশ কৰি দুই কাশ্মীৰি পণ্ডিতক লক্ষ্য কৰি গুলী চলায় সন্ত্ৰাসবাদীসকলে । এজনৰ ঘটনাস্থলতেই মৃত্যু হৈছিল । ইয়াৰ পূৰ্বে জুনতো এজন কাশ্মীৰি হত্য হৈছিল উপত্যকাত । মে’ত দক্ষিণ কাশ্মীৰৰেই কুলগাঁৱত হত্যা হৈছিল এগৰাকী মহিলা কাশ্মীৰি পণ্ডিতৰ । মহিলাগৰাকী শিক্ষয়িত্ৰী আছিল ।

২০১৯ৰ অক্টোবৰৰ পৰা জম্মু-কাশ্মীৰত বাৰে বাৰে আক্রান্ত হৈছে প্ৰব্ৰজনকাৰী শ্রমিকসকলে । যোৱা আগষ্টত কাশ্মীৰৰ বান্দিপোৰাত এজন প্ৰব্ৰজনকাৰী শ্রমিকক লক্ষ্য কৰি গুলি চলায় সন্ত্ৰাসবাদীসকলে । তেওঁৰ হাস্পাতালত মৃত্যু হয় । এই শ্রমিকো বিহাৰৰ পৰা আহিছিল ।

বিগত জুনত কাশ্মীৰৰ বদ্‌গামত দুজন প্ৰব্ৰজনকাৰী শ্রমিকক লক্ষ্য কৰি গুলী চলায় সন্ত্ৰাসবাদীসকলে । এজনৰ মৃত্যু হৈছিল । তাৰ কিছু ঘণ্টা পূৰ্বে কুলগামত এটা বেংকত প্ৰৱেশ কৰি মেনেজাৰক লক্ষ্য কৰি গুলী চলায় সন্ত্ৰাসবাদীসকলে । ঘটনাস্থলতেই মৃত্যু হৈছিল তেওঁৰ । মেনেজাৰজন ৰাজস্থানৰ বাসিন্দা । কিছুদিন পূৰ্বে সলনি হৈ কুলগামলৈ আহিছিল ।

Exit mobile version