Mine blast in Turkey : তুৰ্কীৰ আমচৰাৰ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ থিতাতে নিহত ২৮

খনিত আবদ্ধ দুই ডজনৰো অধিক

WhatsApp Image 2022 10 15 at 14.51.19 1

Mine blast in Turkey : উত্তৰ তুৰ্কীত যোৱাকালি এটা কয়লা খনিৰ ভিতৰত সংঘটিত হোৱা এক বিস্ফোৰণত ২৮ জন খনিকৰ্মী থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় এঘাৰজন ৷ আনহাতে খনিৰ ভিতৰত আবদ্ধ হৈ আছে দুই ডজনৰো অধিক কৰ্মী ৷

দেশখনৰ স্বাস্থ্য মন্ত্ৰী ফাহৰেটিন কোকাই সংবাদমাধ্যমক কালি সন্ধিয়া সহৰি কৰে যে, খনিৰ তলৰ পৰা জীৱিত অৱস্থাত উলিয়াই অনা আন ১১ জন লোকক চিকিৎসালয়ত চিকিৎসাধীন কৰি থকা হৈছে।

বিস্ফোৰণৰ সময়ত মুঠ ১১০ জন শ্ৰমিক খনিত কৰ্মৰত হৈ আছিল৷ আনহাতে অভ্যন্তৰীণ মন্ত্ৰী চুলেমান চয়লুৱে জানিব দিয়ে যে কৃষ্ণ সাগৰ প্ৰদেশ বাৰ্টিনৰ আমাচৰা জিলাৰ খনিটোত সংঘটিত হোৱা বিস্ফোৰণত হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ তেওঁ লগতে কয় যে ৫৮ জনক উদ্ধাৰ কৰা হৈছে ৷ তথাপিও মাটিৰ তলত ৩০০ ৰ পৰা ৩৫০ মিটাৰ (প্ৰায় ১,০০০ ৰ পৰা ১,১৫০ ফুট) দুটা পৃথক এলেকাত ১৫ জন খনিকৰ্মী আৱদ্ধ হৈ আছে ।

ইফালে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদাৰক কৰি থকা তুৰ্কীৰ শক্তি মন্ত্ৰী ফাতিহ ডনমেজে কয় যে, প্ৰাৰম্ভিক সংকেতসমূহে ফায়াৰ্ডেম্পৰ ফলত হোৱা বিস্ফোৰণৰ ফালে আঙুলিয়াই দিয়ে ৷ স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬:১৫ বজাত সংঘটিত হৈছিল। অৱশ্যে বিস্ফোৰণৰ কাৰণ এতিয়াও নিশ্চিতভাৱে জনা হোৱা নাই। আনহাতে স্থানীয়লোকে প্ৰকাশ কৰে যে ঘটনাটোক দুৰ্ঘটনা হিচাপে গণ্য কৰে৷ এই সন্দৰ্ভত তুৰ্ক চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা উচিত ৷ ইতিমধ্যে দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু কেইবা গৰাকী মন্ত্ৰী উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাতে আবদ্ধসকলক নিৰাপদে উদ্ধাৰ ব্যৱস্থা কৰাৰ লগতে আহত সকলৰ চিকিৎসাৰ তদাৰ কৰিছি ৷

বাৰ্টিন প্ৰদেশৰ ৰাজ্যপালজনে সংবাদ মাধ্যমক সদৰি কৰি কয় যে, ৭০ জনতকৈও অধিক উদ্ধাৰকাৰীৰ এটা দলে প্ৰায় ২৫০ মিটাৰ তলৰ গাঁতটোৰ এটা বিন্দুত উপনীত হ’বলৈ ইতিমধ্যে সক্ষম হৈছে ৷হয়তো আজিৰ দিনটোৰ ভিতৰত আবদ্ধ সকলক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব৷

শেহতীয়া বাতৰি অনুসৰি তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানে এই শোকাৱহ ঘটনাৰ খবৰ পোৱাৰ পিছতে দক্ষিণ-পূব তুৰস্কৰ ভ্ৰমণ আধাতে বাতিল কৰি শনিবাৰে বিয়লী আমাচৰাত উপস্থিত হোৱাৰ কথা সদৰি কৰে অভ্যন্তৰীণ মন্ত্ৰী চুলেমান চয়লুৱে ।

উল্লেখ্য এই ঘটনাৰ পূৰ্বে ২০১৪ বৰ্ষত মণিছাৰ এজিয়ান প্ৰদেশৰ চোমা জিলাৰ আইনেজ কয়লা কয়লা খনিত সংঘটিত হোৱা বৃহৎ বিস্ফোৰণত মুঠ ৩০১ জন লোক নিহত হৈছিল।

Exit mobile version