‘ছেমখৰ’ ছবিৰ প্ৰদৰ্শনত নিষেধাজ্ঞাৰ দাবীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ স্মাৰকপত্ৰ প্ৰেৰণ খিলঞ্জীয়া সাহিত্যসভা, অসমৰ

semkhor 1

খিলঞ্জীয়া সাহিত্যসভা, অসমে (আইটিএছএছএ) অভিনেত্ৰী আইমী বৰুৱাই পৰিচালনা, প্ৰযোজনা কৰা ‘ছেমখৰ’ ছবিৰ প্ৰদৰ্শনত নিষেধাজ্ঞাৰ দাবীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ।

তেওঁলোকৰ অভিযোগ অনুসৰি, ‘ছেমখৰ’ ছবিখনত প্ৰদৰ্শিত কিছু দৃশ্যত ডিমাছা সংস্কৃতি আৰু ঐতিহ্যক বিকৃতভাৱে উপস্থাপন কৰা হৈছে । উদাহৰণস্বৰূপে, মাতৃৰ মৃত্যুৰ পাছত নৱজাতকক জীৱিত কবৰ দিয়া আৰু বাল্য বিবাহৰ প্ৰথা ।

আনহাতে, ক’ভিড-১৯ৰ সময়ছোৱাত তলাবন্ধ চলাকালীন এটি দুমহীয়া শিশু ‘ক্লেৰিং’ক ছবিত অভিনয়ৰ বাবে লোৱা হৈছিল যাৰ বাবে শিশুটিৰ গাত ঠাণ্ডা লাগে, এয়া অমানৱীয় আৰু মানৱ অধিকাৰ আইনসহ সকলো ধৰণৰ নিয়মৰ উলংঘন বুলিও তেওঁলোকে দাবী কৰে । এনে ধৰণৰ কাৰ্য‌ই ডিমাছা সম্প্ৰদায়ৰ সংগঠনবোৰৰ অনুভূতিক আঘাত কৰিছে ।

আইটিএছএছএ-য়ে দাবী জনায় যে, ‘ছেমখৰ’ ছবিখনৰ প্ৰদৰ্শন নিষেধ কৰিব লাগে, যাতে ডিমাছা সমাজক লৈ কোনোধৰণৰ ভুল বাৰ্তা সম্প্ৰচাৰ নহয় । মৃত শিশু ‘ক্লেৰিং’ৰ পিতৃ-মাতৃক উচিত ন্যায় প্ৰদান কৰা । সংবেদনশীল জনজাতীয় সংস্কৃতি, প্ৰথা আৰু ঐতিহ্যক উপস্থাপন কৰা ছবিক অনুমোদন দিয়াৰ ক্ষেত্ৰত চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেছন (চেন্সৰ ব’ৰ্ড)ক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা ।

Exit mobile version