Pink Diamond : মাটি খান্দোতে ওলাল বিশ্বৰ আটাইতকৈ বৃহৎ ও দামী গোলাপী হীৰা

lulo rose

এংগ’লাৰ খনি শ্ৰমিকে আৱিষ্কাৰ কৰিছে বিশ্বৰ আটাইতকৈ বৃহৎ ও দামী গোলাপী হীৰা । ধাৰণা কৰা হৈছে, বিগত তিনিশ বছৰৰ ভিতৰত আৱিষ্কাৰ কৰা এইটোৱেই হৈছে আটাইতকৈ বৃহৎ হীৰাৰ টুকুৰা । হীৰা টুকুৰাৰ নাম দিয়া হৈছে লুলো ৰ’জ । ইয়াৰ ওজন হৈছে ১৭০ কেৰেট । বিৰল আৰু বিশুদ্ধ প্ৰাকৃতিক পাথৰৰ ৰূপৰ এই হীৰাৰ আৱিষ্কাৰ এক ঐতিহাসিক বুলি উল্লেখ কৰিছে এংগ’লাৰ চৰকাৰে ।

ADVERTISEMENT

এই সন্দৰ্ভত লুকাপো ডায়মণ্ড কোম্পানীয়ে এক বিবৃতি যোগে কৈছে যে, এই সময়ৰলৈকে সমগ্ৰ বিশ্বত যিমান হীৰা পোৱা গৈছে , এই আটাইবোৰতকৈ এই গোলাপী হীৰা বহুগুণ ডাঙৰ । আন্তজাৰ্তিক দৰ-দামৰ ভিত্তিত এই হীৰা চমকপ্ৰদ দামত বিক্ৰী কৰিব পৰা যাব ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে হংকঙত ২০১৭ চনত ৫৯.৬ কেৰেটৰ এটা গোলাপী হীৰা ৭১.২ মিলিয়ন মাৰ্কিন ডলাৰত নিলামত বিক্ৰী হৈছিল আৰু এই পৰ্যন্ত সৰ্বাধিক দামত বিক্ৰী হোৱা এই হীৰাই আছিল আটাইতকৈ দামী হীৰা ।

Exit mobile version