আগষ্টতে বন্ধ হ’ল কৰ্মচাৰীৰ পদোন্নতি

জনজাতি কল্যাণ বিভাগৰ ২০১৬ৰ অ’এমৰ সংশোধন নকৰা পৰ্যন্ত বন্ধ ৰাখিবলৈ পৰামৰ্শ বিধানসভা কমিটীৰ

IMG 20191230 201318

অৱসৰৰ সময় চাপি অহা কৰ্মচাৰীসকল বঞ্চিত হোৱাৰ আশংকা ঘনীভূত

 

সংৰক্ষণ সম্পৰ্কে গ্ৰহণ কৰা এক নীতিক কেন্দ্ৰ কৰি যোৱা আগষ্টৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি ৰখা হৈছে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মৰত কৰ্মচাৰীসকলৰ পদোন্নতি । ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনাৰ সূত্ৰে এতিয়া অৱসৰৰ দিন চমু চাপি অহা বৃহৎ সংখ্যক কৰ্মচাৰীয়ে প্ৰাপ্য পদোন্নতিৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাৰ উপক্ৰম ঘটাত ক্ষুণ্ণ হৈ পৰিছে কৰ্মচাৰী সমাজ ।

উল্লেখ্য যে, পূৰ্বৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগ তথা বৰ্তমান পৰিচিত হোৱা জনজাতি কল্যাণ বিভাগে ২০১৬ ত এক অফিচ মেম’ৰেণ্ডামযোগে গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তক লৈ এতিয়া সমগ্ৰ কৰ্মচাৰী সমাজে মূল্য ভৰিবলগীয়া হৈছে । বিভাগটোৱে ২০১৬ত গ্ৰহণ কৰা কাৰ্যবিধিৰ তৃতীয় আৰু চতুৰ্থ অনুচ্ছেদত উল্লেখ কৰা হৈছিল যে চৰকাৰৰ বিভিন্ন বিভাগত থকা সংৰক্ষিত পদৰ বিপৰীতে যদি দুবছৰ পৰ্যন্ত পদোন্নতি দিয়া নহয় তেন্তে তৃতীয় বছৰৰ পৰা এই পদটো সংৰক্ষণমুক্ত কৰা হ’ব । আকৌ সংৰক্ষণ লাভ কৰা শ্ৰেণীৰ কৰ্মচাৰীয়ে যদি পূৰ্বে সংৰক্ষণৰ আওতাত পদোন্নতি লাভ কৰিছিল তেন্তে তেওঁ পৰৱৰ্তী সময়ত সাধাৰণ শ্ৰেণীৰ বাবে থকা পদত সংৰক্ষণৰ সুবিধা লাভ নকৰিব । এই দুয়োটা অনুচ্ছেদৰ বিৰোধিতা কৰি বিভিন্ন বিভাগৰ কৰ্মচাৰীয়ে আপত্তি দৰ্শাই আহিছিল ।

শেহতীয়াকৈ অসম সচিবালয়ৰো ২৯ জনকৈ কৰ্মচাৰীয়ে যোৱা আগষ্টত অসম বিধানসভাৰ অনুসূচিত জাতি আৰু জনজাতি কল্যাণ কমিটীৰ ওচৰত এক আবেদন দাখিল কৰি এই দুয়োটা ধাৰা প্ৰত্যাহাৰৰ অনুৰোধ কৰিছিল । সেইমৰ্মে বিধানসভাৰ এই কমিটীখনে অফিচ মেম’ৰেণ্ডাম শোধন নকৰা পৰ্যন্ত চৰকাৰী বিভাগসমূহত পদোন্নতি বন্ধ ৰাখিবলৈ পৰামৰ্শ দিছিল । এই পৰামৰ্শৰ ভিত্তিত জনজাতি কল্যাণ বিভাগে যোৱা ১৯ আগষ্টত সকলো চৰকাৰী বিভাগলৈ বিধানসভাৰ এই কমিটীৰ উদ্ধৃতি দি এখন পত্ৰ প্ৰেৰণ কৰে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে সংশ্লিষ্ট বিভাগসমূহত পদোন্নতি বন্ধ ৰাখিবলৈ অনুৰোধ জনায় । জনজাতি কল্যাণ বিভাগৰ এই পত্ৰৰ ভিত্তিতেই সম্প্ৰতি ৰাজ্য চৰকাৰৰ প্ৰায় সকলো বিভাগতে বন্ধ কৰি দিয়া হৈছে কৰ্মচাৰীসকলৰ পদোন্নতি ।

অৱশ্যে প্ৰাৰম্ভিক অৱস্থাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, ভূমি সংৰক্ষণ বিভাগ আৰু উদ্যোগ তথা বাণিজ্য বিভাগে নিজ বিভাগত কিছু পদোন্নতিৰ ঘোষণা কৰে যদিও পৰৱৰ্তী সময়ত সংশ্লিষ্ট বিভাগসমূহে এই নিৰ্দেশনাৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰি পদোন্নতি দিয়া হৈছিল বুলি ব্যক্ত কৰে । উল্লেখ্য যে, এই নিৰ্দেশনাৰ সূত্ৰে অসম আৰক্ষীতো বন্ধ হৈ আছে পদোন্নতি ।

তেনেক্ষেত্ৰত স্বাভাৱিকতে গৃহ বিভাগত এই নিৰ্দেশনাক লৈ সৃষ্টি হৈছে অসন্তোষ্টিৰ । ইফালে , সচিবালয়ত কৰ্মৰত কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিৰ্দেশনা প্ৰযোজ্য কৰাত ক্ষুণ্ণ হৈ পৰিছে কৰ্মচাৰীসকল । নাম প্ৰকাশত অনিচ্ছুক সচিবালয় সেৱা সন্থাৰ এজন কৰ্মচাৰীয়ে কয় যে , অসম সচিবালয়তো এনে কিছুমান কৰ্মচাৰী আছে , যিসকলৰ চাকৰি কাল অন্ত পৰিবলৈ মাজত আৰু কেইটামান মাহহে বাকী আছে । নিয়ম অনুসৰি তেওঁলোকে এই সময়ছোৱাতে পদোন্নতি লাভ কৰিব লাগিছিল যদিও চৰকাৰী নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত পদোন্নতিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । এই কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণৰ পিছত ভালেমান বিত্তীয় লাভালাভৰ পৰাও বঞ্চিত হোৱাটো নিশ্চিত । ইফালে অসম সচিবালয়ত ‘বিভাগীয় পদোন্নতি কমিটী’ ৰ বাবে কৰ্মচাৰীৰ তালিকা চূড়ান্ত কৰাৰ পাছতো এই নিৰ্দেশনাৰ বাবে যোৱা আগষ্টৰ পৰা এই পৰ্যন্ত পদোন্নতি সম্ভৱ হোৱা নাই । কেৱল সচিবালয় প্ৰশাসনতে প্ৰায় ডেৰশ কৰ্মচাৰীয়ে পদোন্নতিৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে বুলি সূত্ৰটোৱে সদৰী কৰে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গত কৰ্মৰত বহু সংখ্যক কৰ্মচাৰীয়ে ১৮ ৰ পৰা ২০ বছৰ পৰ্যন্ত একেটা পদত কাৰ্যনিৰ্বাহ কৰাৰ পাছতহে পদোন্নতিৰ সুবিধা লাভ কৰে । যিহেতু সাম্প্ৰতিক পটভূমিত অৰাজপত্ৰিত পদত কৰ্মৰত কৰ্মচাৰীসকলৰ দৰমহাৰ নিৰিখ যথেষ্ট কম , সেয়েহে যথা সময়ত পদোন্নতি লাভ কৰিলে কৰ্মচাৰীসকলে ৰাজপত্ৰিত বিষয়া হিচাপে আৰ্থিক দিশেৰে লাভাম্বিত হোৱাৰ পথ প্ৰশস্ত হয় । কিন্তু ৰাজ্য চৰকাৰৰ জনজাতি কল্যাণ বিভাগৰ অদূৰদৰ্শিতাৰ বাবে এতিয়া সমগ্ৰ চৰকাৰী বিভাগসমূহৰে কৰ্মচাৰী সমাজৰ পদোন্নতি বন্ধ হৈ পৰিছে ।

Exit mobile version