মিঠাতেলৰ মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে হীৰাপাৰাৰ মৃৎশিল্পী সমাজক, হ্ৰাস পাইছে চাকিৰ বিক্ৰী

এশ চাকি জ্বলোৱা পৰিয়ালে এইবেলি মাত্ৰ ৫০ চাকি জ্বলাই পালন কৰিব দীপাৱলী

WhatsApp Image 2022 10 17 at 16.57.28 1

বহি:ৰাজ্যৰ ৰংচঙীয়া লাইট আৰু ভিন্ন ৰঙৰ মাটিৰ চাকিয়ে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে অসমৰ মৃৎ শিল্পী সমাজক

 

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ পুৰ্নখুমদুম হীৰাপাৰাৰ সকলো মৃৎ শিল্পী পৰিয়াল ব্যস্ত হৈ পৰিছে মাটিৰ চাকি নিৰ্মাণৰ কামত ।
দীপাৱলী উপলক্ষে কালি উক্ত স্থানৰ মৃৎ শিল্পী পৰিয়ালে কে’বা লক্ষাধিক মাটিৰ চাকি বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিছে । প্ৰাপ্ত তথ্য মতে , এইবাৰ দীপাৱলীৰ বাবে হীৰাপাৰাৰ প্ৰায় ৬০ টা মৃৎ শিল্পী পৰিয়ালে প্ৰায় ১০ লাখ মাটিৰ চাকি তৈয়াৰ কৰি বজাৰত উলিয়াই দিছে । কিন্তু দুৰ্ভাগ্যজনক কথা যে, পূৰ্বৰ তুলনাত এইবেলি মাটিৰ চাকিৰ বিক্ৰী সন্তোষজনক নহয় ।

ইয়াৰ কাৰণ অতিমাৰী কৰ’নাৰ সন্ত্ৰাস বুলি তেওঁলোকে ভাবিছিল যদিও গাঁৱে-ভূঞে চাকি বিক্ৰী কৰিবলৈ যোৱাত ক্ৰেতাৰ মুখত শুনিছে যে এইবেলি মিঠাতেলৰ অতিপাত চৰা দাম, গতিকে এইবাৰ পূৰ্বতকৈ কমকৈ চাকি কিনিব । কাৰণ অতিপাত চৰা দামত মিঠাতেল কিনি বেছিকৈ চাকি জ্বলোৱা সামৰ্থ গ্ৰামাঞ্চলৰ বহুতৰে নাই । সেয়েহে পূৰ্বৰ এশ গছি বন্তি জ্বলোৱা পৰিয়ালে এইবেলি ৫০ বা তাতোকৈ কম চাকি জ্বলাই বছৰেকীয়া উৎসৱটো পালন কৰিব ।

সেয়েহে পূৰ্নখুমদুম হীৰাপাৰাৰ এইসকল হীৰা সম্প্ৰদায়ৰ লোকে আক্ষেপ কৰি কয়, ‘আমি পোহৰৰ উৎসৱ দীপাৱলীলৈ হেঁপাহৰে মাটিৰ চাকি প্ৰস্তুত কৰো । ৰাইজেও আমাৰ বংশগত শিল্প কলাক সন্মান জনাই আহিছে । ৰাইজৰ আৰ্শীবাদত আমি আমাৰ পৰম্পৰাগত কৰ্মটোক জীয়াই ৰাখিছো । ইয়াৰমাজতে আন দেশৰ ৰংচঙীয়া লাইট আৰু ভিন্ন ৰঙী মাটিৰ চাকিয়ে আমাৰ নিচিনা শিল্পীসকলৰ কৰ্মত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে । সচেতন ৰাইজ তথা চৰকাৰে এই ক্ষেত্ৰত দৃষ্টি ৰাখি আমাৰ কৰ্মক উৎসাহিত কৰিলে আমি সুখী হ’ম ।’

তেওঁলোকে পুনৰ কয়, ‘পোহৰৰ উৎসৱ দীপাৱলী আহিলে আমি মাটিৰ চাকি , ধুনাৰ চৰু আদি বনাই বিক্ৰীৰ বাবে সাজু হওঁ । সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰি আমাক উৎসাহিত কৰে । তাৰবাবে আমি সংবাদ মাধ্যমৰ ওচৰত কৃতজ্ঞ , কিন্তু দুখজনক কথা যে আমাৰ নিচিনা হীৰা সম্প্ৰদায়ৰ লোকসকলে কেনে ধৰণে জীয়াই আছে তাৰ খবৰ ল’বলৈ জনপ্ৰতিনিধি তথা চৰকাৰৰ আহৰি নাই । মাটিৰ বাচন বনাই জীৱিকা নিৰ্বাহ কৰা হীৰা সম্প্ৰদায়ৰ লোকসকলে বাচন তৈয়াৰ কৰা মাটিখিনিও বহু কষ্টৰে যোগাৰ কৰে । গাড়ী ভাড়া কৰি ছিণ্ডিকেট পদ্ধতিৰে আজিও মূল উপাদান হীৰা মাটি আনিব লগাটো সম্প্ৰদায়টোৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে ।‘

এইসকল থলুৱা শিল্পীৰ ক্ষেত্ৰত চৰকাৰে সুদৃষ্টিৰে চাই সহায়ৰ হাত আগবঢ়ালে এই শিল্পটো ৰক্ষা পৰিব বুলি তেওঁলোকে কয় । অন্যথা বিকল্প চিন্তাৰে আন কৰ্মৰ সন্ধান কৰিবল’গীয়া হ’ব । পৰিতাপৰ কথা যে ইতিমধ্যে বহুতো পৰিয়ালে উক্ত কৰ্মৰ পৰা অব্যাহতি লৈ অন্য কৰ্মত মনোনিবেশ কৰিছে ।

Exit mobile version