AK 203 : মিনিটত সাতশ গুলী এৰে ! ভাৰতত তৈয়াৰী একে-২০৩এ নিমিষতে নিঃশেষ কৰে প্রায় এক কি:মি: দূৰৰ শত্রুকো

WhatsApp Image 2022 10 18 at 15.30.59 1

AK 203 : অত্যাধুনিক একে-২০৩ এছল্ট ৰাইফল তৈয়াৰ কৰিছে ভাৰতত । ৰাছিয়াৰ প্রযুক্তিগত সহায়ত উত্তৰ প্রদেশৰ অমেঠিৰ এটা কাৰখানাত একে-৪৭ এছল্ট ৰাইফলৰ এই উন্নততৰ সংস্কৰণ তৈয়াৰ কৰাৰ প্রস্তুতি তুংগত । সোমবাৰে ৰাছিয়াৰ এজন সামৰিক কর্তাই জনায়, সকলো ঠিক থাকিলে চলিত বছৰৰ শেষৰফালে আৰম্ভ হ’ব পাৰে এই ৰাইফলৰ উৎপাদন প্রক্রিয়া ।

একে-২০৩ ৰাইফলটো তৈয়াৰ কৰা হৈছে ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগত । ২০১৯ত অমেঠি জিলাৰ ‘কৰৱাৰ অর্ডিনেন্স ফেক্টৰি’ত তৈয়াৰ কৰা হয় ‘ইন্দো-ৰাছিয়া ৰাইফলছ প্রাইভেট লিমিটেড’ত । ৰাছিয়াৰ কালাছনিকভ এছল্ট ৰাইফলৰ এই উন্নত সংস্কৰণ তৈয়াৰ কৰাৰ দায়িত্ব আছে এই সংস্থাৰ উপৰতেই ।

বর্তমান ভাৰতীয় সেনাৰ পদাতিক বেটেলিয়ন আৰু ৰাষ্ট্রীয় ৰাইফলছৰ অস্ত্র হিচাপে দেশীয় পদ্ধতিত তৈয়াৰ ‘ইনছাছ ৰাইফল’ ব্যৱহৃত হয় । স্বয়ংক্রিয় একে-২০৩ ৰাইফলৰ উৎপাদন আৰম্ভণিৰ পাছৰ পৰা ইনছাছ ৰাইফলৰ পৰিৱৰ্তে ভাৰতীয় সেনাৰ পাব এই অত্যাধুনিক একে-২০৩ ।

ইনছাছ ৰাইফলৰ কার্তুজ ৫.৫৬ মিলিমিটাৰৰ । ইয়াৰ তুলনাত একে ছিৰিজৰ ৭.৬২ মিলিমিটাৰ কার্তুজ অধিক প্রাণঘাতী । কার্যক্ষমতাও অধিক । কাৰ্টিজ অবিহনে একে-৪৭ এছল্ট ৰাইফলৰ ওজন সর্বাধিক ৩.৮ কেজি । দৈর্ঘ্য ৮৮০ৰ পৰা ৯৪০ মিলিমিটাৰ ।

একে-২০৩তকৈ বহল গুলীৰ গতিও অনবদ্য । ট্রিগাৰত ছাপ দিয়াৰ পাছত ছেকেণ্ডত প্রায় ৭৩০ মিটাৰ বেগত যাব পাৰে এই ৰাইফলৰ কাৰ্টিজ । এই অত্যাধুনিক ৰাইফলৰ পৰা মিনিটত প্রায় ৭০০ ৰাউণ্ড গুলী মাৰা সম্ভৱ ।৮০০ মিটাৰ ৰেঞ্জৰ ভিতৰত থকা শত্রুক অনায়াসে খতম কৰিবলৈ সক্ষম এই অত্যাধুনিক এছল্ট ৰাইফল । একে-৪৭-ক আৰু আধুনিক কৰি তৈয়াৰ কৰা হৈছে একে-২০৩ । একে-৪৭-ৰ ডিজাইন তৈয়াৰ কৰিছিল মিখাইল কালাছনিকভে । কালাছনিকভে তৈয়াৰ কৰা সেই আৰ্হিত ভিত্তি কৰিয়ে তৈয়াৰ কৰা হৈছে একে-২০৩-ৰ আৰ্হি ।

২০১০ত ৰাছিয়াৰ ‘কালাছনিকভ কনছার্ন’ সংস্থা একে-২০৩-এ এছল্ট ৰাইফলটো তৈয়াৰ কৰে । প্রথমে এই ৰাইফলৰ নাম দিয়া হৈছিল একে-১০৩এম । ২০১৯ত নাম সলনি কৰি ৰখা হয় একে-২০৩ । একে-২০৩ ৰাইফল একে-২০০ ছিৰিজৰ এটা ৰাইফল, যাক লৈ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হয় ২০০৭ত । একে-২০০ ছিৰিজৰ প্রথম মডেলটো ২০১০ত তৈয়াৰ কৰা হয় । ২০১৩ত পুনৰ ইয়াৰ আৰ্হিত পৰিৱৰ্তন অনা হয় ।

ইয়াৰ ৰূপ সলনি কৰাৰ পাছত নতুন নাম দিয়া হয় একে-১০৩-৩ । ২০১৬ত পুনৰ একে-২০০ ছিৰিজৰ ৰাইফলৰ কাম আৰম্ভ হয় । একে-১০৩-৩ এছল্ট ৰাইফলক আৰু উন্নত কৰি প্রথমে নাম দিয়া হয় একে-৩০০ । পাছত নাম হয় একে-১০৩এম । অৱশেষত ২০১৯ত এই ৰাইফলত আৰু কিছু পৰিৱর্তন আনি নাম দিয়া হয় একে-২০৩ ।

ৰাছিয়াৰ স’তে পাঁচ হেজাৰ কোটি টকাৰ চুক্তি অনুযায়ী ভাৰতীয় সেনাবাহিনীয়ে পাব প্রায় ছয় লাখ ৭০ হেজাৰ একে-২০৩ স্বয়ংক্রিয় ৰাইফল । প্রথম ৭০ হেজাৰ ৰাইফল চলিত বছৰৰ আৰম্ভণিতে ৰাছিয়াৰ পৰা অনা হৈছে । বাকী ছয় লাখ একে-২০৩ তৈয়াৰ কৰা হ’ব অমেঠিৰ ‘কৰৱাৰ অর্ডিনেন্স ফেক্টৰি’ত ।

ৰাছিয়া চৰকাৰৰ দ্বাৰা পৰিচালিত প্রতিৰক্ষা সংস্থা ‘ৰ’ছ’ব’ৰ’ন এক্সপ’র্ট’-ৰ কর্তা আলেকজাণ্ডা মিখিভে সোমবাৰে কয়, ‘‘২০২২ৰ শেষৰফালে কৰৱাৰ অর্ডনেন্স ফেক্টৰিত একে-২০৩ এছল্ট ৰাইফলৰ উৎপাদন আৰম্ভ হ’ব পাৰে । তাৰ প্রস্তুতি তুংগত ।’’ ৰ’ছ’ব’ৰ’ন এক্সপ’র্ট ৰাছিয়াৰ স’তে অন্যান্য দেশৰ গুৰুত্বপূর্ণ সামৰিক প্রকল্পৰ তত্ত্বাৱধানৰ দায়িত্বত আছে ।

উল্লেখ্য যে ২০১৮ৰ এপ্রিলত তৎকালীন প্রতিৰক্ষামন্ত্রী নির্মলা সীতাৰামনৰ ৰাছিয়া ভ্ৰমণৰ সময়ত একে-২০৩ সন্দৰ্ভত ৰাছিয়া আৰু ভাৰতৰ মাজত প্রাথমিক চুক্তি স্বাক্ষৰ হৈছিল ।চুক্তি অনুযায়ী ৰুছ প্রযুক্তি ব্যৱহাৰ কৰি এই দেশৰ অস্ত্র কাৰখানাতেই কালাছনিকভ ৰাইফলৰ সর্বাধুনিক মডেল বনোৱাৰ অনুমতি পায় ভাৰতে । ২০১৯-ৰ মার্চত অমেঠিৰ কৰৱাৰ অর্ডনেন্স ফেক্টৰিত একে-২০৩ ৰাইফল উৎপাদন প্রকল্প উদ্বোধন কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

Exit mobile version