Narendra Modi : তেল আৰু সাৰৰ ক্ষেত্রত আত্মনির্ভৰ হ’বলৈ আহ্বান প্রধানমন্ত্রীৰ

WhatsApp Image 2022 10 18 at 14.14.53

Narendra Modi : ভোজ্যতেল আৰু সাৰৰ ক্ষেত্রত আত্মনির্ভৰ হোৱাৰ আহ্বান জনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । হিমাচলপ্রদেশ আৰু পঞ্জাৱত বিধানসভা নির্বাচনৰ পূৰ্বে কৃষকসকলৰ বাবে একাধিক প্রকল্পৰ ঘোষণা কৰে প্রধানমন্ত্রীয়ে । সোমবাৰে এই অনুষ্ঠানত উপস্থিত কৃষকসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে ভোজ্যতেল আৰু সাৰত ৰাজসাহায্যৰ পৰিমাণ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বুলি জনাই বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰে । তেওঁ জনায় যে, ইয়াৰ ফলত দেশৰ ৰাজহ ভাণ্ডাৰত অসহনীয় চাপ পৰিছে । ইয়াৰ পাছতেই তেওঁ এই দুই ক্ষেত্রত আত্মনির্ভৰ হোৱাৰ আহ্বান জনাই কয়, নির্দিষ্ট পৰিকল্পনাৰে বিষয়টোত আগবাঢ়িব লাগিব ।

প্ৰধানমন্ত্ৰী মোদীয়ে জনায়, যুদ্ধৰ বাবে বিশ্ববজাৰত বৃদ্ধি পোৱা সাৰৰ দামৰ প্রভাৱ যাতে দেশৰ কৃষকসকলৰ তাত নপৰে, তাৰ বাবে চৰকাৰে এইবাৰ আঢ়ৈ লাখ কোটি টকাৰ সাৰ আমদানি কৰিছে । লগতে বিদেশৰ পৰা ইউৰিয়া সাৰ কিনিবলগীয়া হৈছে প্ৰতি কেজি ৭৫-৮০ টকা দৰত আৰু সেই কৃষকসকলক দিয়া হ’ব পাঁচ-ছয় টকা কেজি দৰত ।

প্রধানমন্ত্রীয়ে জনায়, দেশৰ ছটা বৃহৎ ইউৰিয়া সাৰ কাৰখানাই এতিয়া পূর্ণ মাত্রাথ উৎপাদন কৰিছে । সৰু সৰু সাৰ কাৰখানাবোৰতো উৎপাদন অব্যাহত আছে । তাৰ পাছতো চাহিদা পূৰণ কৰিবলৈ ইমান সাৰ আমদানি কৰিবলগীয়া হৈছে ।

প্রধানমন্ত্রীয়ে হিচাপ দেখুৱাই কয়, দাম বৃদ্ধি পোৱাৰ বাবে বিগত বছৰত (২০২১-২০২২) ভোজ্যতেল আমদানি কৰিবলৈ আগৰ বছৰতকৈ ৭০.৭২ শতাংশ অধিক বিদেশী মুদ্রা ব্যয় হৈছে । একেদৰে পেট্র’পণ্য আৰু ইন্ধন আমদানিৰ ব্যয় বাঢ়িছে আগৰ বছৰৰ তুলনাত ৯৪ শতাংশ । এই ক্ষেত্রতো ইয়াৰ প্রধান কাৰণ, বিশ্ববজাৰত পণ্যবোৰৰ অস্বাভাৱিক দাম বৃদ্ধি । প্ৰধানমন্ত্ৰী মোদীয়ে জনায়, ভোজ্যতেলৰ আমদানি কম কৰিবলৈ দেশত ‘অইল-পাম মিছন’ আৰম্ভ কৰিছে তেওঁৰ চৰকাৰে । কিন্তু, আত্মনির্ভৰ হ’বলৈ এনেধৰণৰ আৰু মিছনৰ প্রয়োজন

Exit mobile version