NIA CONDUCTS RAIDS ACROSS PUNJAB,HARYANA,PUNJUB,DELHI AND RAJASTHAN : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই মঙলবাৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা বিভিন্ন গোটৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যৰ অসংখ্য স্থানত তালাচী অভিযান চলাই ৷
সন্ত্ৰাসবাদী, গুণ্ডা, ড্ৰাগছৰ চোৰাং ব্যৱসায়ী আৰু বিদেশত ঘাটি থকা চোৰাং ব্যৱসায়ীসকলৰ মাজত বৰ্ধিত সম্পৰ্ক ৰক্ষাৰে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, দিল্লীত বৃহৎ নেটৱৰ্ক গঢ়ি তোলা চক্ৰৰ বিৰুদ্ধে উল্লিখিত ৰাজ্য কেইখনৰ লগতে দেশৰ ৰাজধানী চহৰত আজি পুৱাৰে এন আই এয়ে চলাই মাৰাথন অভিযান ৷ বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা অভিযানত সংশ্লিষ্ট ৰাজ্য কেইখনৰ আৰক্ষীয়ে আগবঢ়াই সহযোগিতা ৷
উল্লেখ্য যে ১২ ছেপ্টেম্বৰত পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, দিল্লী আৰু এনচিআৰ অঞ্চলৰ ৫০ স্থানত নিয়াই চলায় ব্যাপক তালাচী ৷ চলিত বৰ্ষৰ ২৬ আগষ্টত দিল্লী আৰক্ষীয়ে দাখিল কৰা দুটা গোচৰ পুনৰ পঞ্জীয়ন কৰাৰ পিছত সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে এই সম্পৰ্কটো চোৱা-চিতা কৰা আৰম্ভ কৰাৰ পিছত এন আই এ ৰ সমগ্ৰ ৰেকেটটো পোহৰলৈ আনে ।
এই সন্দৰ্ভত এনআইএয়ে আগতে কয়, “শেহতীয়াকৈ অপৰাধী চিণ্ডিকেট আৰু গুণ্ডাৰ দ্বাৰা ব্যৱসায়ী, চিকিৎসককে ধৰি পেছাদাৰী চক্ৰৰ জৰিয়তে চাঞ্চল্যকৰ অপৰাধ আৰু ধন দাবীয়ে জনসাধাৰণৰ মাজত এক ভয় -আতংকৰৰ সৃষ্টি কৰিছে।” এই চক্ৰবোৰে এই অপৰাধবোৰৰ প্ৰচাৰ কৰিবলৈ চাইবাৰ-স্পেচ ব্যৱহাৰ কৰি জনসাধাৰণৰ মাজত সন্ত্ৰাস সৃষ্টি কৰিছিল।” এন.আই.এ.-ৰ অনুসন্ধানত এইটোও প্ৰকাশ পাইছিল যে এনে ধৰণৰ অপৰাধমূলক কাৰ্য্যবোৰ স্থানীয় ঘটনাবোৰক বিচ্ছিন্ন কৰা হোৱা নাছিল কিন্তু সন্ত্ৰাসবাদী, গুণ্ডা আৰু ড্ৰাগছ চোৰাং ব্যৱসায়ী আৰু নেটৱৰ্কৰ মাজত এক গভীৰ ষড়যন্ত্ৰ আছিল, যিসকলে দেশৰ ভিতৰৰ আৰু বাহিৰৰ পৰা কাম কৰি আছিল।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰথমবাৰৰ বাবে এনে দলৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই এন আই এয়ে কয়, ” অবৈধ চক্ৰবোৰৰ বহু নেতা আৰু সদস্য ভাৰতৰ পৰা পলাই গৈছিল আৰু এতিয়া পাকিস্তান, কানাডা, মালয়েছিয়া আৰু অষ্ট্ৰেলিয়াকে ধৰি বিদেশৰ বহু স্থানত বাহৰ পাতি তাা পৰা কাম কৰি আছে।”