Poverty : ৪১.৫ কোটি কমাৰ পাছতো ভাৰতেই বিশ্বৰ সর্বাধিক দৰিদ্রৰ দেশ, প্ৰতিবেদন ৰাষ্ট্রসংঘৰ

WhatsApp Image 2022 10 18 at 20.16.32

Poverty : ডেৰ দশকত দেশত দৰিদ্রৰ সংখ‌্যা কমিছে ৪১.৫ কোটি । সোমবাৰে আন্তর্জাতিক দাৰিদ্র দূৰীকৰণ দিৱসত (International Day for the Eradication of Poverty) ইউনাইটেড নেছন ডেভলপমেন্ট প্র’গ্রাম (United Nation Development Program) আৰু অক্সফ’র্ড প্রভার্টি এণ্ড হিউমেন ডেভলপমেন্ট ইনিছিয়েটিভ ( Oxford Poverty and Human Development Initiative)ৰ এটা প্ৰতিবেদনত প্রকাশ কৰা হৈছে । প্ৰতিবেদনত জনোৱা হৈছে, ২০০৫-০৬ৰ পৰা ২০১৯-২১ৰ ভিতৰত ভাৰতত দৰিদ্র মানুহৰ সংখ্যা ৪১.৫ কোটি কমিছে । ৰাষ্ট্রসংঘৰ তৰফৰ পৰা ইয়াক ‘ঐতিহাসিক পৰিৱর্তন’ বুলি ব‌্যাখ‌্যা কৰা হৈছে । রাষ্ট্রসংঘৰ তৰফৰ পৰা আশা কৰা হৈছে, ২০৩০ৰ ভিতৰত দাৰিদ্র দূৰীকৰণত ভাৰতে বিশ্বত উদাহৰণ সৃষ্টি কৰিব পাৰিব ।

অৱশ্যে, স্বস্তিৰ কোনো ঠাই নাই । কাৰণ, এই প্ৰতিবেদনত জনোৱা হৈছে, ভাৰততে সৰ্বাধিক দৰিদ্র লোকে বাস কৰে । ২০২০ত জনসংখ্যাৰ তথ্যৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে, ভাৰতত সৰ্বাধিক দৰিদ্র লোকে বাস কৰে । ভাৰতৰ দৰিদ্র নাগৰিকৰ সংখ্যা প্রায় ২২৮.৯ মিলিয়ন । তাৰ পাছতেই নাইজেৰিয়া । তাত দৰিদ্র নাগৰিকৰ সংখ্যা ৯৬.৭ মিলিয়ন ।

দৰিদ্র শিশুৰ সংখ্যা বিশ্বজুৰি উল্লেখযোগ্য হ্রাস পাইছে । ভাৰতত দৰিদ্র শিশুৰ সংখ্যা ৯৭ মিলিয়ন । ০-১৭ বছৰৰ ভিতৰত ভাৰতত দৰিদ্র শিশুৰ সংখ্যা বিশ্বৰ ২১ শতাংশ । বিশ্বত সৰ্বাধিক দৰিদ্র শিশু ভাৰততেই আছে বুলি ৰাষ্ট্রসংঘৰ পৰিসংখ্যাই জনাইছে ।

ৰাষ্ট্রসংঘৰ প্ৰতিবেদনত আৰু জনোৱা হৈছে, ২০১৯ৰ পৰা ২০২১-ৰ তথ্য অনুযায়ী ভাৰতৰ জনসংখ্যাৰ প্রায় ১৬.৪ শতাংশ দাৰিদ্র্য সীমাৰ তলত বাস কৰে । দাৰিদ্রৰ গড় তীব্রতা ৪২ শতাংশ । আনহাতে, চহৰৰ জনসংখ্যাৰ ৫.৫ শতাংশ দাৰিদ্র সীমাৰ তলত বাস কৰে । সেই তুলনাত গ্রামীণ অঞ্চলত দৰিদ্র লোকৰ হাৰ ২১.২ শতাংশ । এতিয়ও দেশৰ গাঁওবোৰে উদ্বেগ বঢ়াইছে চৰকাৰৰ । কাৰণ পৰিসংখ্যা মতে, ৯০ শতাংশ দৰিদ্র নাগৰিকে গ্রামীণ অঞ্চলত বাস কৰে । মুঠ ২০.৫ কোটি দৰিদ্রৰ ভিতৰত প্রায় ২২.৯ কোটি দৰিদ্র লোক গ্রামীণ অঞ্চলত বাস কৰে বুলি জানিব পৰা গৈছে ।

Exit mobile version