5 BAD HABITS CAN MAKE YOUR LIPS TURN BLACK : ৫ টা বেয়া অভ্যাসৰ বাবে আপোনাৰ ওঁঠ ক’লা পৰিব পাৰে !

জানক আৰু পঢ়ক -

WhatsApp Image 2022 10 19 at 17.00.28

5 BAD HABITS CAN MAKE YOUR LIPS TURN BLACK : সুন্দৰ আৰু আকৰ্ষণীয় ওঁঠ কোনোনে নিবিচাৰে ! বিশেষকৈ নাৰীৰ এযোৰ গোলাপী , সুন্দৰ তথা আকৰ্ষণীয় ওঁঠে সকলোকে মোহাচ্চন্ন কৰি ৰাখে । কিন্তু কেতিয়াবা কোনো বদ অভ্যাসে আপোনাৰ ওঁঠযোৰ ক’লা অথবা শুকান কৰি পেলাব পাৰে । এই কলা ওঁঠ যোৰৰ বাবে আপুনি কোনো সময়ত নিজকে অপ্ৰস্তুত যেন অনুভৱ কৰিব । আপোনাৰ আত্মবিশ্বাসত ই অতি বেয়া প্ৰভাৱ পেলাব পাৰে । যদি আপোনাৰ ওঁঠযোৰ কলা পৰিছে , তেন্তে আপুনি এই কলা ওঁঠৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু অভ্যাস ত্যাগ কৰিব লাগিব ।

১। মৃত ছাল — আমাৰ ওঁঠৰ ছালত এটা মৃত স্তৰ থাকে । যিটো দূৰ কৰাটো খুবেই জৰুৰী । এই মৃত ছালৰ বাবে আমাৰ ওঁঠত এক বলিৰেখা পৰা দেখা যায় আৰু যাৰ কাৰণে আমাৰ ওঁঠৰ ছাল নষ্ট হৈ গৈ থাকে । এনে অৱস্থাত আপুনি ওঁঠযোৰ সদায় মালিচ কৰাটো দৰকাৰ । অৰ্থাৎ মালিচ কৰিলে আপোনাৰ ওঁঠৰ মৃত কোষ সমূহ দূৰ হব।

২। লিপষ্টিক – সদায় লিপষ্টিক ব্যৱহাৰ কৰিলেও আপোনাৰ ওঁঠযোৰ কলা পৰিব পাৰে । যিহেতু লিপষ্টিকত থকা কেমিকেলৰ বাবে ওঁঠ কলা পৰিবলৈ আৰম্ভ কৰে । বিশেষকৈ নিম্ন মানদণ্ডৰ লিপষ্টিক ব্যৱহাৰ কৰিলে এই সমস্যাৰ সন্মুখীন হয় । গতিকে লিপষ্টিক ব্যৱহাৰ কৰা সকলে সদায় দামী আৰু ভাল উৎপাদন কোম্পানীৰ লিপষ্টিক ব্যৱহাৰ কৰিব লাগে ।

৩। ধূম-পান — ধূম-পান কৰা সকলৰো ওঁঠ কলা পৰা দেখা যায় । যি ব্যক্তিয়ে অত্যাধিক ধূম-পান কৰে , তেওঁৰ ওঁঠ কলা পৰাতো একপ্ৰকাৰ নিশ্চিত ।
পানী কম খোৱা – শৰীৰত পানীৰ অভাৱ হলে ওঁঠ কলা পৰা দেখা যায় । পৰ্যাপ্ত পৰিমাণত পানী খালে আপোনাৰ এই সমস্যা দূৰ হব । বিশেষকৈ শীতকালত এই বিষয়ত অধিক সচেতন হোৱাটো খুবেই জৰুৰী । পানীয়ে আপোনাৰ শৰীৰটোৰ লগতে ওঁঠযুৰিও সতেজ কৰি ৰাখিব ।

৪। ম্যাদ উকলি যোৱা লিপবাম বা লিপষ্টিক ব্যৱহাৰ নকৰিব – আপুনি যদি লিপবাম বা লিপষ্টিক ব্যৱহাৰ কৰে, তেন্তে আপুনি ধ্যান ৰখাতো দৰকাৰ যে , আপুনি ব্যৱহাৰ কৰা লিপবাম বা লিপষ্টিকটোৰ ম্যাদ উকলি গৈছে নেকি ! অন্যথা ই আপোনাৰ ওঁঠযোৰ সুন্দৰ কৰাৰ পৰিৱৰ্তে কলা কৰি পেলাব পাৰে ।

বি-দ্ৰ- ওপৰোক্ত লিখনীটো এটা পৰামৰ্শহে । তেনেক্ষেত্ৰত আপোনাৰ কোনো সমস্যাৰ সৃষ্টি হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Exit mobile version