Healthy ways to deal with angry feelings: আপোনাৰ সন্তানে কথা শুনা নাই নেকি ? জেদ বাঢ়িছে নেকি ?

আপুনি নিজৰ ব্যৱহাৰৰ প্ৰতি সাৱধান হ’ব । মনত ৰাখিব আপোনাক দেখিহে শিশুটি সকলো কথা শিকিব । সদায় সন্তানৰ বাবে ‘ৰোল মডেল ‘ হ’বলৈ চেষ্টা কৰিব ---

healthy ways to deal with angry feelings

Worries of a Mother :

শিক্ষক-অভিভাৱকৰ লগতে প্ৰতিবেশীৰ পৰাও আপোনাৰ সন্তানৰ দুষ্টামিৰ বাবে সদায় অভিযোগ আহে ।  । ঘৰৰ কাৰোৰে কথা নুশুনে । বুজালেও কোনো কথা নুশুনে । এই কথাই আপোনাক খুলি-খুলি খাইছে ।

আচলতে ঘৰত শিশু থাকিলে সকলোৰে ঘৰত এনেধৰণৰ সমস্যা কম-বেছি পৰিমাণে আহি থাকে । এনেক্ষেত্ৰত মাতৃ হিচাপে আপুনি শিশুটিক শাসন কৰোতে যথেষ্ট সাৱধান হ’ব লাগিব । বিশেষকৈ আপুনি শিশুটিৰ পৰা যাতে কাৰো একো ক্ষতি নহয় সেই বিষয়ে ধ্যান দিব লাগিব । এই বিষয়ে কিছু পৰামৰ্শ ।

healthy ways to deal with angry feelings

প্ৰথমে আপোনাৰ শিশুটিৰ জেদৰ কাৰণ বুজাৰ চেষ্টা কৰক । সকলো শিশু একে স্বভাৱৰ নহয় । মাতৃ হিচাপে আপুনি শিশুটিক গালি পাৰিলে সি অধিক জেদীও হৈ যাব পাৰে ।

সন্তানক বুজোৱাৰ সময়ত আপুনি বহুত কোমল আচৰণ কৰিব লাগিব । সেই সময়ত আপুনিও যদি নিজৰ কথাতে লাগি থাকে ,তেন্তে শিশুটি অধিক কন্দা-কটা কৰি চিৎকাৰ কৰিবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ সকলো প্ৰচেষ্টা অথলে যাব ।

 আপোনাৰ শিশুটিৰ দৰে আপুনি কেতিয়াও অবুজন নহ’ব । তাৰ ব্যৱহাৰত আপুনি কষ্ট পোৱা কথা জনাৰ পিছত আপোনাৰ শিশুটি আপোনাৰ কথা মতে চলিবলৈ আৰম্ভ কৰিব ।

healthy ways to deal with angry feelings

সন্তানটি অবাধ্য হ’লে, সেই সময়ত আপুনি শাসন কৰিবলৈ নাযাব । কোনো ধৰণৰ শাৰীৰিক অত্যাচাৰে আপোনাৰ শিশুটিক অধিক বেয়ালৈ লৈ যাব । অৰ্থাৎ এনে কৰিলে শিশুটি জেদি হোৱাৰ লগতে খঙাল হৈ উঠিব ।

সন্তানৰ ব্যৱহাৰত সকলো সময়তে আপুনি অসন্তোষ প্ৰকাশ নকৰিব । বৰঞ্চ ইতিবাচক কথাৰে তাক ভাল কামৰ প্ৰতি অনুপ্ৰেৰণা যোগাব । মনত ৰাখিব যদি আপোনাৰ শিশুটিয়ে কিবা ভাল কাম কৰিছে , তেন্তে আপুনি তাক প্ৰশংসা কৰিবলৈ নাপাহৰিব । আপোনাৰ প্ৰশংসাই শিশুটিক ভাল কৰিবলৈ অধিক আগ্ৰহী কৰি তুলিব ।

পাৰিলে ভাল কাম কৰিলে এটা উপহাৰ প্ৰদান কৰিব । পৰৱৰ্তী সময়ত শিশুটি ভাল কাম আৰু ভাল ব্যৱহাৰৰ প্ৰতি উদ্বুদ্ধ হ’ব ।

 আপুনি নিজৰ ব্যৱহাৰৰ প্ৰতি সাৱধান হ’ব । মনত ৰাখিব আপোনাক দেখিহে শিশুটি সকলো কথা শিকিব । সদায় সন্তানৰ বাবে ‘ৰোল মডেল ‘ হ’বলৈ চেষ্টা কৰিব ।

Exit mobile version