Nagaon : নগঞা যুৱক জিলমিল বৰদলৈৰ অভিনৱ পদক্ষেপ

ক্ষুৰ-কেঁচীৰ সমান্তৰালকৈ গ্ৰন্থ বিপ্লৱ, ছেলুনতে ক্ষুদ্ৰ পুথিভঁৰাল স্থাপন কৰি আৰম্ভ কৰিছে গ্ৰন্থ বিপ্লৱ

IMG 20221021 WA0013

Nagaon :

এক অভিনৱ আৰু ব্যতিক্ৰমী চিন্তাৰে এতিয়া ৰাজ্যৰ বৌদ্ধিক পৰিমণ্ডলত চৰ্চিত হৈ পৰিছে এগৰাকী নগঞা যুৱক । পেশাত তেওঁ এগৰাকী ক্ষুৰকৰ্মী । তেওঁৰ নাম জিলমিল বৰদলৈ । ক্ষুৰ-কেঁচীৰ সমান্তৰালকৈ ছুলুনতে গ্ৰন্থ বিপ্লৱ আৰম্ভ কৰি সমাদৃত হৈ পৰিছে তেওঁ । গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবৰ বাবেই নগঞা যুৱকগৰাকীৰ এই বিনম্ৰ প্ৰয়াস ।

জীৱিকাৰ তাড়নাত খালৈ গাঁৱৰ সমীপৰ ৰহঢলাৰ শিক্ষিত যুৱক জিলমিল বৰদলৈয়ে মৰিগাঁও চহৰত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি আঠ বছৰৰ পূৰ্বে নগাঁও জিলাৰ খালৈ গাঁৱৰ নগাঁও-মৰিগাঁও সংযোগী পথৰ দাঁতিত নিজাববীয়াকৈ আৰম্ভ কৰিছিল এখন ছেলুন । নাম ৰাখিছিল “চিকুণ মহল” ।

সম্প্ৰতি মধ্য অসমৰ লগতে ৰাজ্যৰ বৌদ্ধিক পৰিমণ্ডলত চৰ্চিত হৈ পৰিছে এই “চিকুণ মহল”ৰ নাম । কাৰণ, এগৰাকী অসমীয়া শিক্ষিত যুৱকে ক্ষুৰকৰ্মীৰ বৃত্তি গ্ৰহণ কৰি ক্ষুৰ-কেঁচীৰ সমান্তৰালকৈ এই ছেলুনখনতে চলাই গৈছে এক গ্ৰন্থ বিপ্লৱ ।

ছেলুনত ক্ষুদ্ৰ পুথিভঁৰাল স্থাপন কৰি গ্ৰন্থ আৰু গ্ৰন্থাগাৰ অবিহনে যে আমাৰ শৈক্ষিক, বৌদ্ধিক, বিদ্যায়তনিক দিশটো একেবাৰে গতিহীন সেই কথাকেই বুজাই দিব বিচাৰিছে খালৈগাঁৱৰ সমীপৰ ৰহঢলাৰ ৩৮ বছৰীয়া যুৱক জিলমিল বৰদলৈয়ে ।

ফুটবল আৰু সাহিত্য-সংস্কৃতিৰ প্ৰতি প্ৰবল ধাউতি থকা জিলমিলে মৰিগাঁৱত চুলি কটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি পাঁচ বছৰ পূৰ্বে ছেলুন খুলি আৰম্ভ কৰিছিল নিজৰ অৰ্থনৈতিক সংগ্ৰাম । ছাত্ৰাৱস্থাৰ পৰাই কিতাপ পঢ়ি ভালপোৱা ল’ৰাজনে ২০২১ৰ নৱেম্বৰত ছেলুনতে স্থাপন কৰিলে এটি ক্ষুদ্ৰ পুথিভঁৰাল । কাৰণ, চেলুনত দাড়ি-চুলি কটাবলৈ আহিলে কেতিয়াবা বহু সময় অপেক্ষাও কৰিবলগীয়া হয় গ্ৰাহকে ।

গ্ৰাহকৰ সেই বিৰক্তি দূৰ কৰাৰ লগতে সময়খিনিৰ সদ্ব্যৱহাৰ কৰি যাতে পুথিভঁৰালটোত সংৰক্ষণ কৰা কোনোবা এখন কিতাপৰ পাত লুটিয়াই দুই-এটা কথা শিকিব পাৰে তাৰ বাবেই এই প্ৰচেষ্টা জিলমিলৰ ।

এই সন্দৰ্ভত জিলমিলে কয়, “এই বৃত্তিটোৰ লগত জড়িত হোৱা আঠ বছৰ হ’ল । সৌ সিদিনা ন বছৰত সুমাইছে । যেতিয়াৰ পৰা এই বৃত্তিৰ স’তে জড়িত হৈছিলো, বিশেষকৈ মই মৰিগাঁৱত প্ৰশিক্ষণ লৈ থকাৰ সময়তে ভাবিছিলো, যেতিয়া মই নিজাববীয়াকৈ এখন ছেলুন খুলিম তেতিয়া তাত এটা ক্ষুদ্ৰ পুথিভঁৰাল সংলগ্ন কৰিম । যিসকল লোকে চুলি-দাড়ী কটাবলৈ আহি গ্ৰাহকৰ ভিৰৰ বাবে ৰৈ থাকিবলগীয়া হয়, তেওঁলোকে যাতে আমনি নাপায়, এনেয়ে ৰৈ থকা সময়খিনি যাতে সদ্ব্যৱহাৰ হয়, কিতাপৰ মাজত ক্ষন্তেক সময় দিব পাৰে, দুটা কথা যাতে শিকিব পাৰে । আচলতে গ্ৰন্থৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি কৰাই মোৰ লক্ষ্য ।”

সম্প্ৰতি তিনিশৰো অধিক কিতাপ সংৰক্ষণ কৰা জিলমিলৰ ‘চিকুণ মহল’ৰ ক্ষুদ্ৰ পুথিভঁৰালটোত উপলব্ধ নবীন-প্ৰবীণ লেখক-লেখিকাৰ সৃষ্টিৰ অনবদ্য সম্ভাৰ । ভিন্ন স্বাদৰ বহু পঠিত গ্ৰন্থৰ লগতে উপলব্ধ ইংৰাজী সাহিত্যৰো কে’বাখনো মূল্যবান গ্ৰন্থ । যাৰ বাবে আজি সৰ্বত্ৰে প্ৰশংসিত হৈছে জিলমিল ।

ছেলুনৰ গ্ৰাহকসকলেও জিলমিলৰ এই পদক্ষেপক শলাগ লৈছে । স্মৰ্তব্য যে, জিলমিল খালৈগাঁও ফুটবল ক’চিং চেণ্টাৰৰো সম্পাদক ।

Exit mobile version