Nagaon :
কেৱল নামটোহে আছে ইতিহাস প্ৰসিদ্ধ ৰামপুৰ সত্ৰৰ । নগাঁও জিলাৰ বটদ্ৰৱাৰ পাৰ্শ্বৱৰ্তী এডোখৰ ঠাই এতিয়াও চৰকাৰী নথিত ৰামপুৰ সত্ৰ বুলি উল্লেখ আছে । এসময়ত হিন্দু ধৰ্মাৱলম্বী লোকৰ বসতিস্থল ৰামপুৰ সত্ৰত এতিয়া কোনো সত্ৰও নাই আৰু সেই স্থানত এঘৰ হিন্দু ধৰ্মাৱলম্বী লোকো নাই । এতিয়া ৰামপুৰ সত্ৰৰ বাসিন্দাসকলৰ এশ শতাংশই মুছলিম সম্প্ৰদায়ৰ লোক ।
কিন্তু নগাঁও-ধিং গড়কাপ্তানি পথেৰে অথবা নগাঁও-বালিসত্ৰ পথৰে আহ-যাহ কৰোতে বহু লোকে এতিয়াও এতিয়াৰ জামতলৰ পৰা প্ৰায় ডেৰশ-দুশ মিটাৰ দূৰৈৰ উত্তৰ দিশৰ ওখ ভূখণ্ডক আঙুলিয়াই কয় “সৌ তাতেই হেনো তাহানিৰ ৰামপুৰ সত্ৰ আছিল । নামঘৰ আছিল । সত্ৰাধিকাৰ আছিল, ভকতো আছিল । তাত থলুৱা অসমীয়া মানুহৰ এখন গাঁও আছিল । নিতৌ নাম কীৰ্তন হৈছিল ।”
গৱেষকসকলৰ মতে, বৰদোৱা থান উদ্ধাৰৰ ১৪৩ বছৰৰ পাছত ১৭৯৯ত বৰদোৱা দুভাগত বিভক্ত হয় । এভাগ নৰোৱা সত্ৰ আৰু আনভাগ শলগুৰি সত্ৰ ।দামোদৰদেৱৰ উপৰিপুৰুষ ৰামদেৱে বৰদোৱাৰ উপৰিও বৰদোৱাৰ পাৰ্শ্বৱৰ্তী ৰামপুৰত সত্ৰ স্থাপন কৰিছিল ।
তামৰ ফলিত উল্লেখ থকা অনুসৰি স্বৰ্গদেউ লক্ষীসিংহই ১৭৯৩ শকৰ ১৮ মাঘত ৰামদেৱক ভূমি দান কৰিছিল । বৰদোৱাৰ শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ ৰামদেৱ আতা সুদূৰ লখিমপুৰৰ ঢকুৱাখানাৰ পৰা আহিছিল । তেওঁ ৰামপুৰত সত্ৰ স্থাপনৰ সময়ত বৰদোৱাৰো অধিকাৰ আছিল । পৰৱৰ্তী কালত বিভিন্ন কাৰণত ৰামপুৰ সত্ৰৰ স্থিতিত জটিলতা আহিছিল । তাৰ ভিতৰত মহামাৰী আৰু মুছলমানৰ আগ্ৰাসনেই প্ৰধান ।
এনে কেতবোৰ কাৰণতে ৰামপুৰ সত্ৰৰ লোকসকলে গৈ বালিসত্ৰৰ কাষৰ ৰামপুৰীয়া গাঁৱত বহেগৈ । বালিসত্ৰৰ বয়োজ্যেষ্ঠ দুই-এক পুৰুষ-মহিলাৰ পৰা জানিব পৰা মতে, তেওঁলোকে ককাক আজো ককাকৰ মুখৰে শুনা মতে, ৰামপুৰ সত্ৰ অঞ্চলত এবাৰ কলেৰাই মহামাৰী ৰূপ ধাৰণ কৰিছিল ।কলেৰাত ৰামপুৰ সত্ৰ গাঁৱৰ বহু লোকৰ মৃত্যু হয় ।ফলত ভয়তে জীয়াই থকা লোকসকলে যেনি-তেনি ঢাপলি মেলে । অৱশ্যে সৰহসংখ্যক লোকেই পাৰ্শ্বৱৰ্তী ডুমডুমীয়া বালিসত্ৰত থিতাপি লয় ।
আন একাংশ গৱেষক, ইতিহাসবিদৰ মতে, ১৭৯৯ত বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ ৰামদেৱ আতাই ৰামপুৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল । ১৯৬০ত ৰামপুৰ সত্ৰত কলেৰা, হাইজা মহামাৰীয়ে দেখা দিয়ে । ফলত ৰামপুৰ সত্ৰৰ মানুহখিনি তাৰ পৰা আঁতৰি যায় । ৰামপুৰ সত্ৰৰ ৰাইজে সেই স্থান ত্যাগ কৰিলেও সত্ৰৰ ভেটিটো ১৯৭০ লৈকে আছিল ।
স্মৰ্তব্য যে, মহামাৰী আৰু অন্য কাৰণত ৰামপুৰ সত্ৰৰ ৰাইজে সেই স্থান সামূহিকভাৱে ত্যাগ কৰিলেও বহু বছৰলৈকে ৰামপুৰ সত্ৰৰ ২৯৭ বিঘা বিশাল ভূখণ্ড পৰিত্যক্ত অৱস্থাতে আছিল । বিভিন্ন দল-সংগঠনে দাবী কৰা অনুসৰি ৰামপুৰ সত্ৰৰ ৰাইজে ৰামপুৰ ত্যাগ কৰাৰ পাছত পৰিত্যক্ত হোৱা ৫৮৪ বিঘা মাটি বেদখলকাৰীৰ কৱলত আছে ।
স্মৰ্তব্য যে, কায়স্থ সমাজৰ ইতিবৃত্তিতো ৰামদেৱেই ৰামপুৰ সত্ৰ স্থাপন কৰাৰ কথা উল্লেখ আছে ।
উল্লেখ্য যে, ৰামপুৰ সত্ৰক পুনৰুদ্ধাৰ কৰিবলৈ নৰোৱা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ পূৰ্ণ চন্দ্ৰ দেৱ গোস্বামী, বালিসত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ ভাৰত চন্দ্ৰ গোস্বামীয়ে আপ্ৰাণ চেষ্টা কৰিও সফল হ’ব নোৱাৰিলে ।
জানিব পৰা মতে, আশীৰ দশকত ভাৰত চন্দ্ৰ দেৱ গোস্বামীক সভাপতি হিচাপে লৈ ৰামপুৰ পুনৰুদ্ধাৰ সমিতি এখনো গঠন কৰা হৈছিল । সেই সমিতিখনে তেতিয়াৰ নগাঁও জিলাৰ উপায়ুক্তজনক ৰামপুৰ সত্ৰৰ পুনৰুদ্ধাৰ আৰু সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবৰ বাবে সজোৰে দাবী উত্থাপন কৰিছিল যদিও ৰাজনৈতিক হস্তক্ষেপত উপায়ুক্তই কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাছিল ।
এতিয়া নগাঁও জিলাৰ ৰামপুৰ সত্ৰ এক ইতিহাস । এই সত্ৰৰ ভেটিটোও ৰক্ষা নহ’ল । ৰামপুৰ সত্ৰ যি ঠাইত আছিল তাহানিতে সেই স্থানতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিক্ষা গ্ৰহণ কৰা মহেন্দ্ৰ কন্দলীৰ টোল আছিল বুলিও বিভিন্নজনে ক’ব বিচাৰে ।
অৱশ্যে ইয়াৰ প্ৰামাণিক তথ্য কাৰো হাতত মজুত নাই । ৰামপুৰ সত্ৰৰ কেতবোৰ সম্পদ বালিসত্ৰত সংৰক্ষিত অৱস্থাত থকা বুলিও জানিব পৰা গৈছে ।
অসম চৰকাৰে গঠন কৰা সত্ৰৰ ভূমি জৰীপ সমিতিয়ে চলিত বৰ্ষৰ যোৱা ১০ মাৰ্চত এই ৰামপুৰ সত্ৰৰ বেদখলীকৃত ভূমি পৰ্যৱেক্ষণ কৰি যাৱতীয় তথ্য সংগ্ৰহ কৰিছিল । সত্ৰখনক পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসম সত্ৰ মহাসভাকে প্ৰমুখ্য কৰি বিভিন্ন দল-সংগঠনে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেয়া কাহানিও পৰিলক্ষিত হোৱা নাই ।
এই সন্দৰ্ভত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব । অৱশ্যে অসম চৰকাৰৰ সত্ৰ ভূমি জৰীপ সমিতিৰ প্ৰতিবেদনৰ ওপৰতো নিৰ্ভৰ কৰিব বহু কথা ।