Benefits of Potato : স্বাদ বৃদ্ধিৰ উপৰিও আলুৰ কি কি গুণ আছে জানেনে ?

জানিবলৈ পঢ়ক সবিশেষ....

eat potatoes GettyImages161135572 Header 1024x575 1

Benefits of Potato :

আলু অনেকৰেই প্রিয় খাদ্য । খোৱা পাতত এটুকুৰা আলু নাথাকিলে আনেকৰেই মন বেয়া হো যায় । অৱশ্যে আলুৱে যে কেৱল স্বাদে বঢ়াই তেনে নহয় । সমানে ছালৰো যত্ন লয় । আলুৰে ছালৰ পৰিচৰ্যা কৰাৰ উপায় জানিলে একাধিক সুফল পোৱা যায় । ছালৰ সমস‍্যাৰ সমাধান কৰাত কেনেদৰে সহায় কৰে আলুৱে ?

১) চকুৰ তলত হোৱা ক’লা দাগ হ্ৰাস কৰাত উপযোগী আলু । গোল গোল আকাৰে পাতল পাতলকৈ কাটি ল’ব আলুৰ টুকুৰা । তাৰ পাছত এখন পৰিষ্কাৰ কাপোৰত টুকুৰাতো লৈ কিছু সময়ৰ বাবে চকুত দি থ’ব লাগিব । কিছু দিন নিয়মিত এই নিয়ম মানি চলিলে চকুৰ আশপাশৰ সতেজতা ঘূৰি আহিব ।

benefits of potato

২) আলুত কেটেক’লেজ নামক এটা উপাদান থাকে । এই উপাদানে ব্রণৰ ক’লা দাগ কমোৱাত সহায় কৰে । আধা চামুচ আলুৰ ৰস, এচামুচৰ চাৰি ভাগৰ এভাগ বিলাহীৰ ৰস আৰু আধি চামুচ মৌ মিহলি কৰি মুখত লগাই ল’ব । ২০ মিনিটৰ পাছত পানীৰে ভালকৈ ধুই ল‌ওক মুখখন । সুফল পাব ।

৩) ছালৰ একেবাৰে উপৰৰ স্তৰৰ পৰা মৃত কোষ চফা কৰাতো সহায়ক আলু । ছালৰ ওপৰত জমা হৈ থকা ধূলি-মাকতি পৰিষ্কাৰ কৰাতো বেচ উপযোগী আলু ।

potato face masks

৪) আলুৱে ছাল শীতল কৰাত সহায় কৰে । সেয়ে ৰ’দে পুৰা ছাল পুনৰুজ্জীৱিত কৰাত অত্যন্ত উপযোগী আলু । ৰ’দে পুৰা অংশত আলু পাতলকৈ কাটি লগাব পাৰে । অথবা কেইটুকুৰামান আলু মিক্সিত পিহি মিশ্রণ প্ৰস্তুত কৰিও লগাব পাৰে ।

Exit mobile version