Questions Page : প্ৰশ্ন শিতান , সাধাৰণ জ্ঞান অৰ্জনৰ বাবে ‘’প্ৰশ্ন শিতান’’ ৰ বিশেষ ৬ টা প্ৰশ্ন কি ? জানিবলৈ পঢ়ক

WhatsApp Image 2022 10 24 at 14.16.13

Questions Page :

আজিকালি কোনো চৰকাৰী চাকৰি লাভ কৰিবলৈ কিছু জ্ঞান অৰ্জন কৰাতো খুবেই প্ৰয়োজন । সেইয়ে আজি এই ‘প্ৰশ্ন শিতান’ ত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন পঢ়ুৱৈ সকলৰ বাবে আগবঢ়োৱা হ’ল ।

এই শিতানৰ পৰা পঢ়ুৱৈসকলে বহুখিনি নজনা কথা জানিব পাৰিব । অৱশ্যে আমি দাবী কৰিব নোৱাৰো যে এই শিতানৰ যোগেদি কেৱল পৰীক্ষাকেন্দ্ৰিক কিছু তথ্য আগবঢ়োৱা হ’ব । কিন্তু আমি এই আলোচনাৰ যোগেদি এজন পঢ়ুৱৈৰ বাবে সাধাৰণ জ্ঞান বৃদ্ধিৰ প্ৰয়াস কৰাৰ চেষ্টা কৰিছো ।

 প্ৰশ্ন : পৃথিৱীৰ অন্তিমখন ঠাই বুলি কোনখন ঠাইক অভিহিত কৰা হয় ?
উত্তৰ : ইংলেণ্ডৰ এখন ঠাই আছে , যাৰ নাম ‘’চাচেক্স ।‘’ এই ঠাইখনকে পৃথিৱীৰ শেষ ঠাই হিচাপে বিশ্বাস কৰা হয় ।
প্ৰশ্ন : বিশ্বৰ বৃহৎ ফুলৰ বাগানখনৰ নাম কি ?
উত্তৰ : বিশ্বৰ বৃহৎ ফুলৰ বাগানখন ডুবাইত অৱস্থিত । এই ফুলৰ বাগানখনৰ নাম ‘’ মিৰাকল গাৰ্ডেন ।‘’ এই বাগানত পাঁচ কোটিৰো অধিক ফুল আছে । ফুলৰ লগতে এই বাগিচাখনত প্ৰায় ২৫ কোটি গছ-গছনি আছে ।
প্ৰশ্ন : গ্ৰীষ্ম কালত নাৰিকলৰ পানী পান কৰিলে কি উপকাৰ হয় ?
উত্তৰ : গ্ৰীষ্ম কালত প্ৰায় মানুহৰ শৰীৰত পানীৰ অভাৱ হয় । যাৰকাৰণে আমাৰ দিনটোৰ বেছিভাগ সময় ক্লান্তি আৰু দুৰ্বল ভাৱৰ অনুভৱ হৈ থাকে । সেই সময়ত নাৰিকলৰ ভিতৰত থকা পানী পান কৰা উচিত । কেলচিয়াম , মেগনেচিয়াম আৰু চ’ডিয়াম থাকে । যি মানুহৰ ডিহাইড্ৰেছন হোৱাৰ পৰা ৰক্ষা কৰে ।
বিশ্বৰ কোন খন দেশত এজন পুৰুষে দুগৰাকী মহিলা বিবাহ কৰোৱাৰ প্ৰথা আছে ?
উত্তৰ : আফ্ৰিকা মহাদেশৰ অন্তৰ্ভুক্ত দেশ ‘ ইৰিত্ৰিয়া ‘ দেশত এজন পুৰুষে দুগৰাকী মহিলা বিবাহ কৰোৱা প্ৰথা আছে ।
প্ৰশ্ন : বিশ্বব্ৰক্ষ্মণ্ডৰ সৌৰজগতৰ বয়স কিমান ?
উত্তৰ : বিজ্ঞানীসকলে অনুমান কৰা অনুসৰি সৌৰজগতৰ বয়স প্ৰায় ৫০০০ মিলিয়ন বছৰ হ’ব ।
প্ৰশ্ন : ভাৰতৰ জাতীয় খাদ্য কি ?
উত্তৰ : ভাৰতৰ জাতীয় খাদ্য হৈছে খিচিৰি । সেইবাবেই আমাৰ দেশত খিচিৰিক প্ৰসাদ হিচাপে গণ্য কৰা হয় ।

Exit mobile version