Wild Mint : মহৌষধি পদিনা খেতিৰ সহজ পদ্ধতিৰ বিষয়ে জানিবলৈ পঢ়ক

WhatsApp Image 2022 10 25 at 5.13.56 PM

Wild Mint :

খাদ্যৰ সোৱাদ বঢ়োৱাত পদিনা পাতৰ এক বিশেষ কাৰ্যকৰী গুণ আছে । গৰমৰ দিনত চৰ্বত , ডেজাৰ্ড , চালাদ তৈয়াৰ কৰোতেও পদিনা পাত ব্যৱহাৰ কৰা হয় । এই সুগন্ধি পাতৰ স্বাদৰ সমান্তৰালকৈ অন্যান্য ঔষধি গুণ আছে । পেটৰ ৰোগৰ অতিকৈ উকৃষ্ট পদিনাৰ খেতি বছৰটোৰ সকলো দিনতেই কৰিব পাৰি । এই খেতিৰ বাবে পৰ্যাপ্ত মাটিও দৰকাৰ নহয় ।

বিশেষকৈ পৰ্যাপ্ত মাটি নথকা লোকে এই খেতি ঘৰৰ ছাদ বা বাৰান্দাতো কৰিব পাৰে । শীতকালত ইনডোৰ প্লাণ্ট হিচাপেও পদিনা ঘৰৰ ভিতৰত ৰখা হয় । সাধাৰণতে সকলোধৰণৰ মাটিতে এই পদিনা কৰিব পৰা যায় যদিও বালিচহীয়া মাটিত ইয়াৰ শ্ৰীবৃদ্ধি অধিক ভাল হয় ।

উল্লেখ্য যে , বজাৰৰ পৰা খাবলৈ ক্ৰয় কৰি অনা পদিনাৰ কিছু অংশ ৰাখি মাটিত ৰুই দিলেই তাৰ পৰা পুনৰ পদিনাজোপা বাঢ়িবলৈ আৰম্ভ কৰে । সাধাৰণতে অলপ পাতল কৰি কৰিলে বাঢ়িবলৈ সুবিধা হয় । বাঢ়ি অহা পদিনাজোপাৰ পৰা কিছু অংশ চিঙি নি চাটনি ,তৰকাৰী , চৰ্বত বা বিভিন্ন খাদ্যত ডেজাৰ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

একেদৰে ঘৰৰ ভিতৰত কৰা পদিনাডৰাত দৈনিক অলপ অলপ পানী দিয়াৰো প্ৰয়োজন । নহ’লে পদিনাজোপা শুকাই যোৱাৰ সম্ভাৱনা থাকে । পদিনা খেতি সাধাৰণতে অলপ ভিজা মাটিত ভাল হয় ।

এই পদিনা শাকক মহৌষধ বুলিও কোৱা হয় । পদিনাৰ ঔষধি গুণ অনেক আছে । বিশেষকৈ পদিনাই পেটৰ অসুখ যেনে –গেছৰ সমস্যা , পেট চাফা নোহোৱা বা বদহজম আদি সমস্যাৰ পৰা ৰক্ষা কৰে ।

গতিকে আজিকালি মাটিৰ অভাৱ হ’লেও সকলোৱে নিজৰ ঘৰতে টাব বা পিৰালিত এই খেতি কৰা দেখা যায় । যিহেতু বিভিন্ন খাদ্য সামগ্ৰীৰ সুগন্ধি বৃদ্ধি কৰিবলৈ পুদিনাৰ ব্যৱহাৰ সৰ্বাধিক ।

Exit mobile version