Horoscope :
মেষঃ ঘৰুৱাত অস্থিৰতা কিছু পাতলিব । নতুন কোনো সংযোগত আহুকাল । শৰীৰ মধ্যম । আৰ্থিকত আবেদনকাৰীৰ সুযোগ । বিবাহৰ যোগ । শুভ ৰং হালধীয়া, শুভ সংখ্যা ১০ ।
বৃষঃ পুৱা ১০টাৰ পৰা শুভ কৰ্মাদিত আগনবঢ়াই ভাল । আৰ্থিকত মজলীয়া ফল পাব । মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব । প্ৰেমত বাধা দাম্পত্যত মধ্যম । বিদ্যাত শুভ । শুভ ৰং বগা, শুভ সংখ্যা ২ ।
মিথুনঃ গধুৰ পৰিৱেশ যেন অনুভৱ হ’ব । সন্তানৰ বাবে চিন্তা থাকিব । ভ্ৰমণত সমস্যা থাকিব । দাম্পত্যত মধ্যম । বিদ্যাত শুভ । ধনত ভাল । শুভ ৰং নীলা, শুভ সংখ্যা ৫ ।
কৰ্কটঃ কৰ্মক্ষেত্ৰত দক্ষতা দেখুৱাব পাৰিব । ভ্ৰমণৰ ইচ্ছা কৰিলে সুযোগ পাব । মামলা-মোকৰ্দমাত জয়ী হোৱাৰ সম্ভাৱনা নাৰীৰ শুভ দিনত । বিদ্যাত যত্ন কৰক । শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ।
সিংহঃ অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা । আৰ্থিকত মধ্যম ফল পাব । বিদ্যাত সফলতা পাব । প্ৰেমত আৱেগিকতা বৰ্জনীয় । পিতাৰ আৰোগ্য লাভ । পিতাৰ আৰোগ্য লাভ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৩ ।
কন্যাঃ শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই । চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে । বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হ’ব পাৰে । দিয়া ধন আদায় হ’ব পাৰে । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫ ।
তুলাঃ আৰ্থিক দিশত খৰচ বৃদ্ধি পাব যদিও ব্যৱসায়ত আয়ৰ মাত্ৰা বৃদ্ধি পাব । বিদ্যাত পাৰিপাৰ্শ্বিক বাধা থাকিব । প্ৰেমত দুঃশ্চিন্তা । ঘৰুৱা মজলীয়া । শুভ ৰং বগা, শুভ সংখ্যা ৮ ।
বৃশ্চিকঃ কিছু পৰিমাণে মনটো ফৰকাল থাকিব । কৰ্মক্ষেত্ৰত দক্ষতাৰে আগুৱাব পাৰিব । বিদ্যাত মধ্যম । আৰ্থিকত মজলীয়া অগ্ৰগতি । নিবনুৱা শুভ । শুভ ৰং সোণালী, শুভ সংখ্যা ১ ।
ধনুঃ নাৰীৰ বাবে দিনটো শুভ । মাটি-বাৰীৰ সম্পৰ্কে সু-সংবাদ লাভ কৰিব । বিদ্যাত শুভ । ভ্ৰমণ কৰিব পাৰে । শুভ ৰং বগা, শুভ সংখ্যা ৪ ।
মকৰঃ ব্যৱসায়-বাণিজ্যত মজলীয়া ফল পাব । সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব । শৰীৰৰ প্ৰতি যত্ন ল’ব । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫ ।
কুম্ভঃ কামত উৎসাহ পাব । ঘৰুৱা দিশতো সহানুভূতি থাকিব । বিদ্যাৰ্থীৰ বাবে দিনটো বেয়া নহ’ব । প্ৰেম প্ৰণয়নত শুভ । শুভ ৰং নীলা, শুভ সংখ্যা ৮ ।
মীনঃ কোনো সংবাদত মিশ্ৰিত প্ৰতিক্ৰিয়া হ’ব পাৰে । বিদ্যাতো ভালে নাযাব । দাম্পত্যথ ভবা মতে সুখী নহ’ব । শৰীৰ মধ্যম । শুভ ৰং ৰঙা, শুভ সংখ্যা ১ ।