Acs Officer Arrested : পুনৰ হাত দাঙিলে আৰু এজন চৰকাৰী বিষয়াই

দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লওতেই আটক কৰে যুটীয়া সচিবক

WhatsApp Image 2022 10 29 at 13.16.47

Acs Officer Arrested :

লোভ সামৰিব পৰা নাই একাংশ বিষয়া-কৰ্মচাৰীয়ে ৷ ইজনৰ পিছত সিজনকৈ বিষয়া – কৰ্মচাৰী

দুনীৰ্তি নিবাৰক শাখাৰ জালত পৰিছে ৷

কালি দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন এ চিএছ বিষয়া ৷ উৎকোচ লৈ হাতে-লোটে ধৰা পৰা বিষয়াজন যুটিয়া সচিব পৰ্যায়ৰ বিষয়া কে কে শৰ্মা ৷

এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে এগৰাকী অসম চৰকাৰৰ যুটীয়া সচিব। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল যুটীয়া সচিব কে কে শৰ্মা । ব্যক্তিগত সুৰক্ষা প্রতিষ্ঠানৰ অনুজ্ঞাপত্র নবীকৰণৰ বাবে যুটীয়া সচিবজনে এটা প্ৰতিষ্ঠানৰ পৰা বিচাৰিছিল ধন ।

কালি প্ৰতিষ্ঠানটোৰ কৰ্মীৰ পৰা ৯০ হাজাৰ লওতেই পূৰ্বৰে পৰা খাপ পিটি থকা দুনীৰ্তি নিবাৰক শাখাই কৰায়ত্ত কৰে ৷ উল্লেখ্য যে বিষয়াজনৰ বিৰুদ্ধে বিভিন্ন সময়ত উৎকোচ বিচৰাৰ অভিযোগ উদ্থাপিত হৈ আহিছিল ৷

ইতিমধ্যে প্ৰতিষ্ঠানটিয়ে দিয়া অভিযোগৰ ভিত্তিত এটা গোচৰ ৰজু কৰিছে দুনীৰ্তি নিবাৰক শাখাই ৷ উল্লেখ্য যে ধৃত এ চি এছ বিষয়াজনৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই তালাচি চলাই নগদ ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা নগদ ধন উদ্ধাৰ কৰিছে ।

সম্প্ৰতি যুটীয়া সচিবজনক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version