German Citizen : পৰ্যটক ভিছা উলংঘনৰ অভিযোগত সাত জাৰ্মান পৰ্যটকক আটক

প্ৰত্যেকে পাঁচশ ডলাৰকৈ জৰিমনা বিহি উভতাই পঠিওৱা হয় নিজ দেশলৈ

WhatsApp Image 2022 10 29 at 14.19.10

German Citizen :

পৰ্যটক ভিছাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত সোমাবাৰে উজনি অসমৰ নাহৰকটীয়াত তিনিজন চুইডিছ নাগৰিকক আটক কৰাৰ দুদিনৰ পিছত শুক্ৰবাৰে অসম আৰক্ষীয়ে একে ধৰণৰ অভিযোগত সাতজন জাৰ্মান নাগৰিকক আটক কৰে।

জাৰ্মান আৰু ঝাৰখণ্ডৰ মুকুট বৰদা বুলি চিনাক্ত কৰা এজন ভাৰতীয় সঙ্গীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ এটা ৰিজৰ্টৰ পৰা আটক কৰা হয়।

ইতিমধ্যে এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে কয়,”তেওঁলোকক ধৰ্মীয় কাৰ্যকলাপত লিপ্ত হোৱা দেখা গৈছিল যিটো তেওঁলোককৰ হাতত থকা পৰ্যটক ভিছাৰ উলংঘন আছিল ।

এনে কাৰ্যকলাপৰ বাবে তেওঁলোকে মিছনেৰী ভিছা ল’ব লাগিছিল। তেওঁলোকক আইন অনুসৰি জৰিমনা বিহা হ’ব আৰু ভিছাৰ চৰ্তাৱলী উলংঘা কৰাৰ বাবে দেশ এৰি যাবলৈ কোৱা হ’ব ৷

উল্লেখ্য যে আৰক্ষীয়ে জাৰ্মান নাগৰিককেইজনৰ পৰা ভিডিঅ’গ্ৰাফিক প্ৰমাণ উদ্ধাৰ কৰা বুলি দাবী কৰিছিল যিয়ে তেওঁলোকৰ ধৰ্মীয় কাৰ্যকলাপত জড়িত থকাৰ কথা উল্লেখ আছে ৷

আটকাধীন জাৰ্মান নাগৰিক কেইজন হৈছে খ্ৰীষ্টান ৰেইজাৰ, মাইকেল এৰিচ শ্বাপাৰ, মাৰ্টেন এচমাছ, কৰ্ণেলিয়া ভন ওনিম্ব, হিনৰিচ লুপেন-ভন ওনিম্ব, ক্ৰিষ্টা অলিয়াৰিয়াছ আৰু লিছা এমি ব্লোম।

তেওঁলোকক বিদেশী আইনৰ ধাৰা ১৪ ৰ অধীনত আটক কৰা হৈছিল ৷ শেহতীয়াকৈ প্ৰত্যেককে ৫০০ ডলাৰ জৰিমনা বিহাৰ লগতে আটাইকে নিজ দেশলৈ উভতাই পঠিয়াই দিয়া হয়।

Exit mobile version