Hailakandi : এক মৰ্মান্তিক ঘটনা,কুঁৱা চাফা কৰিবলৈ গৈ চাৰিজনৰ কৰুণ মৃত্যু

সংকটজনক অৱস্থাত এজন

WhatsApp Image 2022 10 29 at 17.26.18

Hailakandi :

হাইলাকান্দিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ জিলা খনৰ আলগাপুৰত এটা কুঁৱা চাফা কৰিবলৈ গৈ চাৰিজন লোকে থিতাতে মৃত্যুক সাবটি লয় ৷

শনিবাৰে আলগাপুৰৰ বক্ৰিহাওৰ প্ৰথম খণ্ডৰ আনোৱাৰা গাঁৱৰ ৰছিদ আহমেদ নামৰ লোকজনৰ ঘৰত থকা পানী কুঁৱাটো চাফা কৰিবলৈ পাঁচজন বনুৱা কুঁৱাটোৰ ভিতৰলৈ সোমাই গৈছিল ৷

কিন্ত চাফা কৰি থাকোতেই অক্সিজেনৰ অভাৱত চাৰিজনৰ কৰুণ মৃত্যু ঘটে ৷ আন এজনক সংকটজনক অৱস্থাত ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

নিহত লোক কেইজন ক্ৰমে নাজিম উদ্দিন,ৰছিদ আহমেদ,তাছলিব উদ্দিন আৰু আবু চুহেল বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে সংকটজনক অৱস্থাত উদ্ধাৰ কৰা লোক জনৰ নাম হাচিব উদ্দিন। বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে হাচিব।

Exit mobile version