Nagarbera : নগৰবেৰাৰ নায়টৰত ভূমি বিবাদক কেন্দ্ৰ কৰি খুৰা – ভতিজাৰ মাৰপিট, আহত চাৰি

WhatsApp Image 2022 10 29 at 18.58.28

Nagarbera :

কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নায়টৰত আজি এডোখৰ ভূমি বিবাদক কেন্দ্ৰ কৰি এক মাৰপিটৰ ঘটনা সংঘটিত হয় ।

জানিব পৰা মতে গাঁওখনত এডোখৰ ভূমিক লৈ দীৰ্ঘদিনৰে পৰা খুৰা আৰু ভতিজাকৰ মাজত এক বিবাদ চলি থকাৰ মাজতে আজি ৰাতিপুৱা ভাগত মাটি ডোখৰৰ সীমাক লৈ প্ৰথমে বাকবিতণ্ডা আৰু তাৰ পিছত মাৰপিটৰ ঘটনা সংঘটিত হয়।

এই মাৰপিটত ভতিজা আব্দুলৰ নেতৃত্বত আজিত আলী আৰু কদ্দুছ আলীয়ে মাৰপিট কৰি আশক আলী, আশ্বাদুল, আছিয়া খাতুন, আলীপ আলীক আহত কৰে। আহত সকলক নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হয় ।

উল্লেখ্য যে, সমগ্ৰ মাৰপিটৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই নগৰবেৰা আৰক্ষী থানাত অৱগত কৰিছে যদিও বাতৰি লিখা সময়লৈকে ভূক্তভোগীয়ে এজাহাৰ দাখিল কৰা নাই বুলি জানিব পৰা গৈছে ।

Exit mobile version