Neel Pawan Baruah : আজি পঞ্চভূতত বিলীন হ’ব প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্ব দেহ

IMG 20221029 WA0010

Neel Pawan Baruah :

প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্ব দেহ আজি বিলীন হ’ব পঞ্চভূতত ৷

উল্লেখ্য যে ২২ ছেপ্তেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ জি এম চি এইছত চিকিৎসাধীন হৈ আছিল চিত্ৰ শিল্পী গৰাকী ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত চিকিৎসাধীন হৈ থকা সময়তে কালি বিয়লি তিনি বাজি ১৫ মিনিটত ইহলীলা সম্বৰণ কৰে বৰুৱাই ।

প্ৰবীণ অভিনেতা নিপন গোস্বামীৰ পাছতে চিত্ৰশিল্পী নীলপৱন বৰুৱাই আজি শেষ নিশ্বাস কৰাৰ বাতৰি বিয়পি পৰাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে শোকৰ ছাঁ পৰে।

শিল্পী গৰাকীৰ নশ্বৰ দেহ কালি জি এমচি এইছৰ পৰা অনা হয় মহানগৰীৰ বেলতলাস্থিত বাসগৃহলৈ৷

কালিৰ পৰা চিত্ৰশিল্পৰ মহীৰূহ স্বৰূপ নীলপৱন বৰুৱাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনাবলৈ ৰাজ্যৰ সাংস্কৃতিক জগতৰ বহু লোকৰ সমাগম হয় ৷ ইতিমধ্যে পুৱাৰে পৰা ভীৰ কৰিছে অলেখ গুণমুগ্ধই ৷

ৰাজ্য চৰকাৰে তেখেতৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰাৰ কথা ঘোষণা কৰাৰ পিছতে প্ৰৱীণ শিল্পী গৰাকীৰ বাসগৃহত ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত হৈ সকলো তদাৰক কৰিছে ৷

শিল্পী গৰাকীৰ পাৰ্থিৱ শৰীৰ পুস্পসজ্জিত বাহনত ৰাজ্যিক আৰ্ট কলেজ, আৰ্টিষ্ট গীল্ড ,ৰাজ্যিক কলা বিথিকা,ৰবীন্দ্ৰ ভৱন, শ্বহীদ ন্যাস ভৱনলৈ অনা হ’ব৷ইয়াতে তেখেতৰ প্ৰতি জনোৱা হ’ব শেষ শ্ৰদ্ধাঞ্জলী ৷ তাৰ পাছত নৱগ্ৰহলৈ অনাৰ পাছত বিয়লি দুই বজাত ৰাজ্যিক মৰ্যাদাৰে অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব নৱগ্ৰহ শ্মশানত ৷

Exit mobile version