Home News Assam Neel Powan Baruah : পঞ্চভূতত বিলীন চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ পাৰ্থিৱ শৰীৰ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন শেষকৃত্য By publisher 4 years Ago ShareShareShareShare Neel Powan Baruah : নবগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰ সম্পন্ন হ’ল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ শৰীৰ ৷ কেইবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত শ্মশানস্থলীত অসম আৰক্ষীয়ে শূন্যলৈ তিনিজাই গুলী ফুটাই শেষ বিদায় জনায় ৷ ইয়াৰ পূৰ্বে চিত্ৰ শিল্পৰ মহীৰূহ গৰাকীৰ নশ্বৰ দেহ বেলতলাৰ বাসগৃহৰ পৰা পুস্পসজ্জিত বাহনেৰে বেলতলাৰ কাৰ্ট কলেজ হৈ চান্দমাৰী আৰ্টিষ্ট গিন্ডৰ পৰা ৰবিন্দ্ৰ ভৱন আৰু তাৰ পৰা শ্বহীদ ভৱনৰ হৈ শেষত নৱগ্ৰহলৈ অনা হয় ৷ উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল চিত্ৰশিল্পী গৰাকীয়ে । চিত্ৰশিল্পী গৰাকীৰ নশ্বৰ দেহ শুকুৰবাৰে নিশাটো বেলতলাৰ বাসগৃহতে ৰখা হয় । অসংখ্য গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ প্ৰিয় শিল্পী গৰাকীক জনাইছিল শেষ শ্ৰদ্ধা । Share this: Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on LinkedIn (Opens in new window) LinkedIn Share on WhatsApp (Opens in new window) WhatsApp More Share on Pinterest (Opens in new window) Pinterest Share on Telegram (Opens in new window) Telegram Categories: India, Assam, News Tags: Assam PoliceCMOGuwahatiNabagrahaNeel Pawan Baruah Related Content বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য By publisher April 30, 2026 ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য By publisher April 30, 2026 দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম By publisher April 29, 2026 আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত By publisher April 29, 2026 দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য By publisher April 29, 2026 উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা By publisher April 29, 2026