BoycottCadbury : বিজ্ঞাপনত মোদীৰ পিতৃক অপমান !

f1628770 ffec 4c9f 8a07 9d4dc21b87d9

Boycott Cadbury :

পুনৰ বিতৰ্কত চকলেট নিৰ্মাতা কোম্পানী কেডবেৰী (Cadbury)। দীপাৱলীৰ বিজ্ঞপনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিতৃক অপমান কৰা হৈছে বুলি অভিযোগ কৰা হৈছে। আৰু সেই অভিযোগত কেডবেৰী বৰ্জনৰ আহ্বান জনাইছে বহুতে। সামাজিক মাধ্যমত ভাইৰেল #BoycottCadbury ।

আচলতে বিজ্ঞাপনটোত ব্যৱসায়ীজনৰ নাম দামোদৰ। এজন দৰিদ্ৰ ব্যৱসায়ীৰ নাম দামোদৰ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিতৃক অপমান কৰা হৈছে ।

হিন্দুত্ববাদী নেতা প্ৰাচী সাধ্বীয়ে টুইট কৰি বিজ্ঞাপনটোৰ তীব্ৰ বিৰোধিতা কৰিছে। এই টুইটটো সামাজিক মাধ্যমত ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে।

ইয়াৰ পূৰ্বেও , কেডবেৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে । কেডবেৰীৰ দ্বাৰা তৈয়াৰ কৰা চকলেট গোমাংস দিয়া হয় বুলিও দাবী কৰে বিভিন্নজনে ।

Exit mobile version