Nagarbera : আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যবাহী অভিযন্তাক ঘেৰাও কৰি ৰাইজ, ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

IMG 20221030 153945

Nagarbera :

এখন কাঠৰ দলং মেৰামতি কৰাত অপাৰগ ৰাজ্যৰ বিয়াগোম লোকনিৰ্মাণ বিভাগ । দলং মেৰামতিৰ পৰিৱৰ্তে নিষ্ক্ৰিয় হৈ থকা পাৰঘাট পুনৰ মুকলিৰ যো-জা চলাইছে ।

কামৰূপ জিলা প্ৰশাসনৰ টোঘলকী সিদ্ধান্তত এতিয়া জাঙুৰ খাই উঠিছে বৃহত্তৰ নগৰবেৰাবাসী । চৰজমিন পৰিদৰ্শন কৰিবলৈ উপস্থিত হোৱা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যবাহী অভিযন্তাক ঘেৰাও কৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, প্ৰায় আঢ়ৈ বছৰ পূৰ্বে এক কোটি ১৪ লাখ টকা ব্যয় কৰি অঞ্চলটোৰ একাংশ সচেতন লোকে নগৰবেৰাৰ ডিবিআৰপি পাৰঘাটত জলজলী নৈৰ ওপৰত এখন বৃহৎ কাঠৰ দলং নিৰ্মাণ কৰে ।দলংখনৰ নাম দয়া হৈছিল শংকৰ আজান সমন্বয় সেতু । দৈৰ্ঘ্য আছিল ১১০০ ফুট । ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম কাঠৰ দলং এইখনেই ।

প্ৰায় ১৯ মাহ দলং নিৰ্মাণ কমিটীৰ তত্বাৱধানত সুন্দৰভাৱে আৰু নিৰাপদে ৰাইজে যাতায়াত কৰিলে দলংখনৰে । কিন্তু হঠাৎ আঠ মাহ পূৰ্বে জিলা প্ৰশাসনে দলংখন হস্তান্তৰ কৰিলে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগক । তাৰ পাছৰে পৰা বিনা মেৰামতিত লোকনিৰ্মাণ বিভাগৰ তত্বাৱধানত দলংখনৰে যাতায়াত চলি থকাত সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে দলংখন । ৰাজ্যৰ বিয়াগোম লোকনিৰ্মাণ বিভাগেও দলংখন নূন্যতম মেৰামতিৰ সদিচ্ছা নকৰিলে । যাৰ বাবে এতিয়া জৰাজীৰ্ণ দলংখনৰে যাতায়ত অতি বিপদসংকুল হৈ পৰিছে ।

মেৰামতি নকৰি যাতায়াত কৰিলো যিকোনো মূহুৰ্তত দলংখনত দুৰ্ঘটনা সংঘটিত হব পাৰে । যাৰ বাবে এতিয়া বন্ধ হৈ থকা ডিবিআৰপি পাৰঘাটটো পুনৰ মুকলি কৰাৰ সিদ্ধান্ত ল’ব বিচাৰিছে কামৰূপ জিলা প্ৰশাসনে । পিছে জিলা প্ৰশাসনৰ এনে টোঘলকী সিদ্ধান্তত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ লাখ লাখ লোক । নৌকাৰে আৰু পাৰাপাৰ নহয় অঞ্চলটোৰ ৰাইজ । কোনোপধ্যেই নৌকাৰে পাৰাপাৰ হোৱাৰ জিলা প্ৰশাসনৰ এই সিদ্ধান্ত মানি নলয় ৰাইজে ।

শনিবাৰে বিষয়টোৰ ওপৰত এক চৰজমিন পৰ্যবেক্ষণ কৰিবলৈ আহে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গগৈ আৰু বিভাগটোৰ একাংশ কৰ্মচাৰী । অহা মাত্ৰেই কাৰ্যবাহী অভিযন্তাগৰাকীৰ লগতে বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীক ঘেৰাও কৰি ছাত্ৰ-ছাত্ৰীসকলে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে । আমি নৌকাৰে পাৰ নহওঁ, দলং মেৰামতি কৰক, জিলা প্ৰশাসনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক আদি বিভিন্ন শ্ল’গানৰে এইদৰে পৰিৱেশ উত্তাল কৰি তোলে ।

পাৰঘাট মুকলিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি শীঘ্ৰে জৰাজীৰ্ণ কাঠৰ দলংখন মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ বাবে সূচল কৰি তোলাৰ দাবী জনাইছে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে ।

Exit mobile version