Winter seasons : শীতৰ আগমণৰ লগে লগেই আপুনি চৰ্দি , জ্বৰ, কাহত ভুগিছে নেকি ?

এই ঘৰুৱা পদ্ধতিৰে অতি সহজে আপুনি আৰোগ্য লাভ কৰিব পাৰিব ---

8bd835af 023d 4ef9 a4cd f69cb9b9c86c

Winter seasons :

বতৰৰ পৰিৱৰ্তন হৈছে । ঠাণ্ডা অহাৰ লগে লগেই মানুহে বতৰীয়া বেমাৰ চৰ্দি, কাহ,জ্বৰ আদিত ভোগা দেখা যায় । এনে পৰিস্থিতিত আপুনি কি কৰিব ?

এই বতৰীয়া অসুখৰ পৰা সোনকালে পৰিত্ৰাণ পাবলৈ হ’লে আপুনি জালুক আৰু আজুৱাইন সংমিশ্ৰণ কৰি খাব লাগিব । এই ঘৰুৱা পদ্ধতিৰে আপুনি অতি সোনকালে আৰোগ্য লাভ কৰিবলৈ সক্ষম হ’ব ।

আচলতে শীতৰ আগমণৰ এই সময়ছোৱাত মানুহৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা দুৰ্বল হৈ থাকে । যিকাৰণে সহজে চৰ্দি , কাহ, জ্বৰ আদি হ’ব পাৰে । এনে সময়ত আপুনি জালুক আৰু আজুৱাইনৰ মিশ্ৰণ কৰি পাণ কৰিলে উপশম পাব পাৰিব ।
এই দুই উপাদানে একেলগে আপোনাৰ একাধিক ৰোগৰ পৰাও ৰক্ষা কৰিব পাৰে ।

যদি আপুনি এই বতৰীয়া ৰোগত আক্ৰান্ত হৈছে , তেন্তে আপুনি আজুৱাইন আৰু জালুকৰ গুড়িৰ মিশ্ৰণ কৰি পাণ কৰক । এই মিশ্ৰণত ভিটামিন চি মজুত থকাৰ লগতে ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে ।
যদি আপুনি বদহজমৰ সমস্যাতো ভুগি আছে , তেন্তে আপুনি এই মিশ্ৰণ খালে নিশ্চয়কৈ উপশম পাব পাৰিব ।

যিহেতু আজুৱাইন আৰু জালুকৰ মিশ্ৰণে পাচনতন্ত্ৰৰ এনজাইমাৰ বৃদ্ধি কৰাত সহায় কৰে আৰু হজমৰ সমস্যা দূৰ কৰে ।
শীতৰ আগমণৰ লগে লগে দুৰ্গা পূজা , কালী পূজা আদি বিভিন্ন উৎসৱসমূহ আহে আৰু পূজা বুলিলেই বিভিন্ন খাদ্যৰ জুতি লোৱাটো এক স্বাভাৱিক কথা ।

ফলত আপোনাৰ কোষ্ঠকাঠিন্যৰ দৰে সমস্যাই দেখা দিব পাৰে । এনে সময়তো আপুনি একাপ পানীত আজুৱাইন আৰু জালুকৰ গুড়ি আৰু স্বাদ অনুসৰি ক’লা নিমখ মিহলাই পাণ কৰিলে সহজে উপশম পাব পাৰিব । ইয়াৰোপৰি এই মিশ্ৰণে আপোনাৰ গেছৰ সমস্যাও দূৰ কৰিব ।

উল্লেখ্য যে , জালুক আৰু আজুৱাইনৰ মিশ্ৰণে ওজন হ্ৰাস কৰাতো সহায় কৰে । আজুৱাইন যঠেষ্ট পৰিমাণে ফাইবাৰ আছে । একেদৰে জালুকত পাইপেৰিন আছে । যি দুটা উপাদানে মানুহৰ ওজন কমোৱাত সহায় কৰে । ইয়াৰ লগে লগে শীতত মানুহৰ গাৰ বিষ বা পেশিৰো বিষ হোৱা পৰিলক্ষিত হয় । এই দুই উপাদানত এণ্টি-ইনফ্লেমেটৰি ও এণ্টি-আৰ্থাৰাইটিছৰ গুণ আছে ।

তেনেক্ষেত্ৰত আজুৱাইন আৰু জালুকৰ মিশ্ৰণৰ পেষ্ট বনাই বিষ হোৱা স্থানত ল’গালে এনে বাত বিষৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব পাৰি ।

বি: দ্ৰ: এই তথ্যসমূহ সাধাৰণভাৱে মানুহৰ মুখে মুখে চলি অহা ঘৰুৱা চিকিৎসা পদ্ধতি । ইয়াৰ বৈজ্ঞানিক যুক্তি আছে যদিও কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্ত বাঞ্চণীয় ।

Exit mobile version