Gujarat : কিয় ভাঙি পৰিল গুজৰাটৰ ওলমা দলঙ ? চাঞ্চল্যকৰ দাবী ফৰেনচিক বিশেজ্ঞসকলৰ

Bridge

Gujarat

কিয় ভাঙিলে গুজৰাটৰ ওলমা দলং ? সদ্য মেৰামতি কৰাৰ পাছতো ক’ত ত্ৰুটি ৰৈ গ’ল ? নিৰ্মাণত নিম্ন মানদণ্ডৰৰ সামগ্রী ব্যৱহাৰ কৰা হৈছিল নেকি?

নক্সাত ত্ৰুটি আছিল নেকি? মোৰবিৰ দলং দুৰ্যোগত উত্থাপিত হৈছে বহুতো প্ৰশ্ন । সূত্ৰ অনুসৰি, ফৰেনচিক বিশেষজ্ঞসকলে দুৰ্ঘটনাটোৰ বাবে অত্যাধিক ভিৰক দোষাৰোপ কৰিছে।

দেওবাৰে গুজৰাটত এখন ওলমা দলঙ খহি পৰে । ঘটনাটোত ১৪১ জন লোকৰ মৃত্যু হয়। বৰ্তমানেও নদীৰ পৰা মৃতদেহ উদ্ধাৰ কাৰ্য অব্যাহত আছে। ঘটনাটোৰ ভয়াবহতা কে’বাটাও ভিডিঅ’ৰ জৰিয়তে পোহৰলৈ আহিছে।

য’ত দেখা গৈছে যে দলংখন কেনেকৈ হঠাতে ছিঙি নদীত পৰিছে। দুৰ্ঘটনাটো কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞানৰ (চিএফএছএল) দ্বাৰা তদন্ত কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বিশেষজ্ঞসকলে গেছ কাটাৰেৰে খহি পৰা দলংখনৰ পৰা নমুনা সংগ্ৰহ কৰিছে।

কেন্দ্ৰীয় সংস্থাটোৰ এজন বিশেষজ্ঞই জনাই যে দুৰ্ঘটনাটোৰ বাবে অত্যাধিক ভিৰ দায়ী। জনসাধাৰণৰ প্ৰচণ্ড চাপৰ বাবে, দলংখনৰ আন্তঃগাঁথনিত এক গঠনমূলক সমস্যা সৃষ্টি হয় ।

এসময়ত দলঙখনে অত্যধিক ভৰ বহন কৰিব নোৱাৰি বাগৰি পৰে।

তাৎপৰ্যপূৰ্ণভাৱে, এজন প্ৰত্যক্ষদৰ্শীয়ে জনাই যে যুৱক-যুৱতীৰ এটা দলে দলংখন বিপদজনকভাৱে ধেমেলীয়াধৰণে দোলাই আছিল। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বহুতো ভিডিঅ’ত সেই দৃশ্য প্ৰকাশ্যেত আহিছে ।

এনে কৰাত দলংখনৰ আন্তঃগাঁথনিৰ ওপৰতো যথেষ্ট চাপ পৰে । তথ্য অনুসৰি মোৰবিৰ ব্ৰিটিছ যুগৰ দলংখন অলপতে মেৰামতি কৰা হৈছিল।

এই কামটো গুজৰাটৰ ঘড়ী নিৰ্মাতা ‘অ’ৰেভা গ্ৰুপে কৰে। গুজৰাটী নৱবৰ্ষ উপলক্ষে ২৬ অক্টোবৰত দলংখন ৰাইজৰ বাবে মুকলি কৰা হৈছিল। সূত্ৰ অনুসৰি, ‘ অ’ৰেভা’য়ে মেৰামতিৰ কাৰিকৰী দিশটো ‘দেৱপ্ৰকাশ ছলিউচনছ’ নামৰ এটা কোম্পানীক আউটচৰ্চ কৰিছে। ফলস্বৰূপে, প্ৰশ্ন উত্থাপিত হয়, এই কোম্পানীবোৰ দলং ৰক্ষণাবেক্ষণৰ দৰে ডাঙৰ কামৰ বাবে যোগ্য নে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান গুজৰাট ভ্ৰমণ কৰি আছে। ইয়াৰ মাজতে, দেওবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । স্থানীয় সূত্ৰ অনুসৰি, অত্যাধিক ওজন ল’ব নোৱাৰাৰ বাবে দলংখন খহি পৰে। দুৰ্ঘটনাটোৰ সময়ত দলংখনত ৫০০ জন লোক আছিল। দলংখনো দুৰ্বল হৈ পৰিছিল।

অৱশ্যে, কোটি কোটি টকা ব্যয়েৰে মেৰামতি কৰাৰ পাছত ইয়াক চাৰি দিন আগতে ৰাইজৰ বাবে মুকলি কৰা দলংখন কিয় খহি পৰিছিল? এইটো এতিয়া সকলোৰে মনত ডাঙৰ প্ৰশ্ন !

Exit mobile version