World’s Fastest Shoes : ৰাতিপুৱাই অফিচৰ বাবে পলম হয় ? এতিয়া কোনো চিন্তা নাই বজাৰলৈ আহিছে বিশ্বৰ দ্ৰুততম জোতা

WhatsApp Image 2022 10 31 at 19.29.22

World’s Fastest Shoes :

প্ৰত্যেক দিনাই ৰাতিপুৱা যেন এৰিবলৈ মন নাযাই শুৱা পাতি । এই ক্ষেত্ৰত সদায় অফিচলৈ যোৱাত পলম ? এতিয়াৰে পৰা কোনো চিন্তা নাই । বজাৰত আহি আছে বিশ্বৰ আটাইতকৈ দ্ৰুততম জোতাযোৰ।

হয় আপুনি থিকেই পঢ়িছে এইবাৰ আমেৰিকাই তৈয়াৰ কৰি উলিয়াইছে বিশ্বৰ দ্ৰুততম জোতা। শেহতীয়াকৈ, আমেৰিকাৰ এটা ৰবটিক ইঞ্জিনিয়াৰিং কোম্পানীয়ে তৈয়াৰ কৰি উলিয়াইছে এই দ্ৰুততম জোতাযোৰ।

জোতাযোৰ পিন্ধিলেই খোজকঢ়া গতি তৎক্ষণাৎ ২৫০ শতাংশলৈ বৃদ্ধি হ’ব। বেটাৰী চালিত জোতা, যাক ‘মুনৱাকাৰচ শ্বু’ নামেৰে এই জোতাযোৰ বিভিন্ন স্কেটিং বোৰ্ডৰ আকাৰত তৈয়াৰ কৰা হৈছে।

এই জোতাবোৰ সাধাৰণতে কৃত্ৰিম বুদ্ধিমত্তা আৰু বিশেষ এলগৰিদমৰ দ্বাৰা পৰিচালিত হ’ব।

‘শ্বিফ্ট ৰবটিক্স’ নামৰ আমেৰিকাৰ কোম্পানীৰ দ্বাৰা তৈয়াৰ কৰা এই আকৰ্ষণীয় জোতাই ইতিমধ্যে প্ৰশংসা লাভ কৰিছে। কোম্পানীটোৰ কাৰ্যবাহী জুঞ্জি ঝাঙে চলিত সপ্তাহত কোম্পানীৰ ৱেবছাইটত প্ৰথমে জোতাযোৰ প্ৰকাশ্যেত আনে ।জুঞ্জিয়ে কয় ,”এই জোতাযোৰ একেবাৰে সাধাৰণ । স্কেটিং বোৰ্ডৰ দৰে দেখাত হ’লেও ইয়াৰ বিশেষত্ববোৰ একেবাৰে সাধাৰণ জোতাৰ দৰেই ।

এটা ভৰি খোজ আগ বঢ়ালেই বহুদূৰ আগুৱাই যাব পাৰে। ” কিন্তু এই জোতাৰ তলত কেবাটাও সৰু চকা আছে। প্ৰতিটো চকা ইটো সিটোৰ স’তে সংযোজিত হৈ থাকে। মানুহৰ খোজ কঢ়াৰ গতি হৈছে ২.৫-৪ কিলোমিটাৰ। ব্যক্তি বিশেষে সেইয়া সলনি হয়।

অৱশ্যে, এই জোতা পিন্ধিলে খোজ কঢ়াৰ গতি প্ৰায় ২৫০ শতাংশ পৰ্যন্ত বৃদ্ধি হয়। এই জোতাৰ মূল্য প্ৰায় এক লাখ টকা হ’ব পাৰে। এই জোতাযোৰ কেতিয়া বিশ্ব বজাৰলৈ আহিব সেয়া এতিয়াও জনা হোৱা নাই।

Exit mobile version