Guwahati Citybus : টিকট অবিহনে চিটিবাছত উঠাৰ পৰা বিৰত থাকক !

73066bd9 5229 40b8 beff 6dce974080a6

Guwahati Citybus :

আপুনি চিটিবাছত উঠিলে এতিয়া টিকট নোলোৱাকৈ নাথাকিব ৷ কিয়নো মহানগৰীৰ চিটিবাছত মঙলবাৰৰ পৰা যাত্ৰীসকলৰ পৰা ভাড়া সংগ্ৰহৰ বাবে ব্যৱস্থা কৰিছে ই- টিকট ৷

উল্লেখ্য যে অক্টোবৰত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ স’তে চিটিবাছ মালিক সন্থাৰে হোৱা এক বৈঠকত সিদ্ধান্ত লোৱা হৈছিল ই- টিকট প্ৰৱৰ্তনৰ ৷ চিটিবাছত যাত্ৰী সকলৰ পৰা ই- টিকট প্ৰদানৰ ক্ষেত্ৰত বাধ্যতামূলক কৰি সকলো চিটিবাছ মালিকক ই- টিকট মেচিন কিনিবলৈ কোৱা হৈছিল ৷

মনকৰিবলগীয়া যে ,ই- টিকট ব্যৱস্থা নথকা কোনো চিটিবাছ ৰাজপথত চলাচল কৰিব নোৱাৰাৰ নিৰ্দেশনা জাৰি কৰিছিল কামৰূপ মেট্ৰ’ ডিটিঅ’- এ ৷

সেই অনুসৰি আজি পুৱাৰে পৰা মহানগৰত চলাচল কৰা প্ৰতিখন চিটিবাছে ই- টিকেটিং ব্যৱস্থা কৰিছে৷ আনহাতে ই- টিকটৰ ব্যৱস্থা নিৰীক্ষণ কৰিবৰ বাবে পুৱাৰে পৰা মহানগৰীৰ দিছপুৰ পেট্ৰল পাম্প সমীপৰ লগতে বিভিন্ন স্থানত এনফৰ্চমেন্ট পৰিদৰ্শকৰ বিশেষ দলে বাহৰ পাতিছে ৷

Exit mobile version