kangana Ranaut At Chandubi beel : সৌন্দৰ্যৰাণী চান্দডুবিৰ পাৰত বলীউডৰ মোহময়ী অভিনেত্ৰী কংকনা ৰাণাৱট

কাজিৰঙাৰ নৌসৰ্গিক দৃশ্য উপভোগ কৰিব অভিনেত্ৰী গৰাকীয়ে

WhatsApp Image 2022 11 01 at 21.26.41

kangana Ranaut At Chandubi beel :

বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱট মঙলবাৰে উপস্থিত হয় অসমত৷ তেওঁ পোনে পোনে সৌন্দৰ্যৰাণী চান্দডুবি বিলৰ পাৰত উপস্থিত হৈ ইয়াৰ নৌসৰ্গিক দৃশ্য দেখি আপ্লুত হৈ পৰে ৷

ইয়াৰ পিছতে অভিনেত্ৰী গৰাকী কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কাজিৰঙাত উপস্থিত হয় ৷বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভিতৰত প্ৰৱেশ কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে স’ততে বিতৰ্কৰ মাজত থকা জনপ্ৰিয় অভিনেত্ৰী গৰাকী শেহতীয়াকৈ ব্যস্ত হৈ আছে তেওঁ প্ৰযোজিত – পৰিচালিত ‘ইমাজেৰ্ন্সী’ নামৰ কথাছবি খনক লৈ৷ছবিখনৰ মুল চৰিত্ৰ ‘ইন্দিৰা গান্ধী’ৰ চৰিত্ৰটি কংকনাই নিজে কৰিছে ৷

ছবি খনৰ শ্বটিংৰ বাবে অৰুণাচল আৰু অসমৰ চান্দডুবি বিল পৰিদৰ্শন কৰি লোকেশ্যনৰ সন্ধান চলাইছে বুলি ধাৰণা কৰিছে কংকনাৰ অনুৰাগী সকলে। স্মতৰ্ৱ্য যে ‘ইমাজেৰ্ন্সী ‘মুক্তিৰ পূৰ্বে খুব চৰ্চাৰ মাজত আছে দেশজুৰি ৷

Exit mobile version