Monkey: সুৰাচোৰ বান্দঁৰ ! মদ দেখিলেই কাঢ়ি লৈ গুচি যায়

1667278646 monkey

Monkey:

দোকানৰ পৰা মদৰ বটল লৈ ওলাই আহিলেই কাঢ়ি লৈ গছৰ ওপৰত উঠে বান্দঁৰ । তাৰ পাছত বান্দৰে কৰে সুৰাপান । একে উশাহতে বিয়েৰৰ কেন কাঢ়ি লৈ শেষ কৰিলে বান্দৰে ! হয় আপুনি থিকেই পঢ়িছে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ এখন ঠাইত,এই আচৰিত ঘটনা সংঘটিত হৈছে । বান্দঁৰৰ বান্দঁৰামিয়ে এতিয়া জ্বলা-কলা খুৱাইছে ক্ৰেতাৰ লগতে সুৰাৰ দুকানীক।

সুৰাসক্ত এই বান্দঁৰটোক বহুতেই ‘দৰিদ্ৰৰ কবীৰ সিং’ বুলি কয়। কোনোবাই আকৌ তেওঁক ‘দেৱদাস’ বুলিও মাতে । বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে এই ‘শৰাবি’ বান্দঁৰটো । কেনৰ পৰা বান্দঁৰটোৱে কেনেদৰে বিয়েৰ খাই আছে। শেহতীয়াকৈ, এনে এটা ভিডিঅ’ সমাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

প্ৰাপ্ত তথ্য অনুসৰি, এই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ। মাতাল এই বান্দঁৰ কাৰ্যত অতিষ্ঠ এতিয়া সুৰা দোকানী আৰু ক্ৰেতাসকল ।

দোকানখনৰ এজন কৰ্মচাৰীয়ে অভিযোগ কৰে যে তেওঁ কেৱল গ্ৰাহকৰ পৰাই সুৰাৰ বটল বা বিয়েৰৰ কেন লোৱাই নহয় । কেতিয়াবা এই বান্দঁৰটোৱে পোনপটীয়াকৈ কাউণ্টাৰলৈও যায় আৰু তাৰ পৰা, বান্দঁৰটোৱে এটা বটল হাতত তুলি লৈ পুনৰ গছৰ ওপৰলৈ উঠি যায় আৰু সুৰাপান কৰে।

কৰ্মচাৰীসকলে সুৰাৰ দোকানৰ মালিকৰ ওচৰত সুৰাপান কৰা বান্দৰৰ বিষয়ে অভিযোগ কৰিছে। কিন্তু মালিকে কি কৰিব? তেওঁৰ পৰামৰ্শ হৈছে তেওঁক যিমান সম্ভৱ আঁতৰাই ৰখা ।

Exit mobile version