Nagarjune vs Ambani :
এই সময়ত ভাৰতৰ আটাইতকৈ ধনী ব্যৱসায়ীজনেই হৈছে মুকেশ আম্বানি । তেওঁৰ বিলাসবহুল জীৱনৰ বহু কথাই সংবাদ মাধ্যমৰ বিষয় হৈ থাকে । এইজন ধনী ব্যৱসায়ীৰ জীৱন যাপনৰ বাবে মুম্বাইতো বহু কেইটা নামী-দামী ঘৰ আছে । ৰজাৰ দৰে জীৱন-যাপন কৰা আম্বানীৰ সমকক্ষ হৈ থিয় দিছে এজন অভিনেতাই ।
তেনেক্ষেত্ৰত আজি আমি এই লিখনীৰ যোগেদি দক্ষিণৰ এই চুপাৰষ্টাৰজন কেনেকৈ মুকেশ আম্বানিতকৈ ধনী হ’ল , সেইবিষয়ে জ্ঞাত কৰিম । মুকেশ আম্বানি বৰ্তমান ভাৰতৰ এজন ধনী ব্যৱসায়ী । যদি আমি গৌতম আদানিক বাদ দিওঁ ,তেনেহলে মুকেশ আম্বানি হ’ব ভাৰতৰ একমাত্ৰ ধনী ব্যক্তি ।
আচলতে আম্বানিৰ নতুনকৈ কোনো পৰিচয় কৰি দিয়াৰ প্ৰয়োজনো নাই । কিন্তু এই সফল ব্যৱসায়ীজনৰ দৰেই এক বিলাস-বহুল তথা নামি-দামী জীৱন কটাইছে অভিনেতা নাগাৰ্জুনে । তেওঁৰো ইমান ধন-সম্পত্তি আছে যে ,যাৰবাবে অভিনেতাজনে ৰজাৰ দৰে জীৱন-যাপন কৰিব পাৰিছে ।
আপোনালোকে হয়তো জানে যে, এই তাৰকাজন দক্ষিণৰ ছবি জগতত জনপ্ৰিয় হোৱাই নহয় চহকী জীৱন-যাপনৰ বাবে ভাৰতৰ সকলো শিল্পী, কলা-কুশলীৰ বাবে মাইলৰ খুটি হৈ পৰিছে।