GST : অক্টোবৰত দেশত ১.৫২ লাখ কোটি টকাৰ জিএছটি সংগ্রহ, ১৭ শতাংশ বৃদ্ধি

images

GST :

যোৱা মাহত অৰ্থাৎ অক্টোবৰত দেশত পুনৰ বৃদ্ধি পালে সামগ্ৰী আৰু সেৱাকৰ (জিএছটি) সংগ্ৰহৰ পৰিমাণ। অক্টোবৰত ভাৰতত ১.৫২ লাখ কোটি টকাৰ জিএছটি লাভ কৰিলে চৰকাৰে।

যোৱা ছেপ্টেম্বৰত দেশত ১.৪৭ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহ কৰা হৈছিল। ২০২১ৰ অক্টোবৰৰ তুলনাত চলিত বৰ্ষৰ অক্টোবৰত জিএছটি সংগ্ৰহৰ পৰিমাণ ১৭ শতাংশ বৃদ্ধি পালে৷ দেশত অক্টোবৰৰ ২০২১ত ১.৩০ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহ কৰা হৈছিল।

Exit mobile version