Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 10 29 at 16.17.27 2

Horoscope :

মেষ : শুভ ৰং বেঙুর্ণীয়া। শুভ সংখ্যা ৩, বিয়াৰ প্ৰস্তাৱ পাব পাৰে। ব্যৱসায়ীৰ হাতলৈ ধন আহিব। আজি টকা আনক ধাৰলৈ নিদিব। চাকৰিয়ালৰ শুভ। শিক্ষাৰ্থীৰ বাধা আছে। প্ৰতিকাৰ-শিৱ মন্দিৰত থকা ভিক্ষাৰিক ৰঙা ৰঙৰ ফল বা মিঠাই খুৱাব।

বৃষ : শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫, পুৰণা মোকদমাত জয় হোৱাৰ আশা আছে। অনাকাংক্ষিত সমস্যাত পৰিব পাৰে। শৰীৰ সুস্থ থাকিব। টকা-পইচাৰ অভাৱ পাব। প্ৰতিকাৰ- গৃহ লক্ষ্মীৰ আৰাধনা কৰিব।

মিথুন : শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭, ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীৰ শুভ। হাতলৈ টকা-পইচা আহিব। পৰি আঘাত পাব পাৰে। প্ৰতিকাৰ ঘৰৰ মূল দৰ্জাৰ ওচৰত এটা পাত্ৰত পানী ৰাখি তাত ফুল দি ৰাখিব।

কৰ্কট : শুভ ৰং ৰঙা। শুভ সংখ্যা ৬, বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব। শুভ কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব। টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব। প্ৰতিকাৰ-তুলসী তলত জল ধালি ধূপ চাকি জলাই লক্ষ্মী নাৰায়ণক চিন্তা কৰিব।

সিংহ : শুভ ৰং গোলপীয়া। শুভ সংখ্যা-৮, আনৰ সহায় কৰি সন্মান পাব। চোৰ ডকাইতৰ পৰা সাৱধান হ’ব। ঘৰৰ মূল্যবান সম্পত্তি হেৰাব পাৰে। অৰ্থৰ নাতনি হ’ব। প্ৰতিকাৰ- ঘৰ পৰিষ্কাৰ কৰি গৃহ লক্ষ্মীক আৰাধনা কৰিব।

কন্যা : শুভ ৰং নীলা। শুভ সংখ্যা ৯, ব্যৱসায়ীৰ উন্নতিৰ যোগ। শত্ৰুৰ পৰা সাৱধান। খৰচ বাঢ়িব। অচিনাকি লোকৰ পৰা দূৰত থাকিব। প্ৰতিকাৰ- ঘিউৰ চাকি জুলাই তাত পানৰ পিপলি এটা দি ৰাখিব।

তুলা : শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮, দুর্ঘটনা ঘটিব পাৰে। সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে। বিদ্যাত উন্নতি হ’ব। চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব। প্ৰতিকাৰ-শনি মন্দিৰত ধূপ চাকি জলাব।

বৃশ্চিক : শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪, অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে। আনক সহায় কৰি সন্মানিত হ’ব। চাকৰি স্থায়ীকৰণ হ’ব। কৰ্মত নিযুক্তি হ’ব। প্ৰতিকাৰ- হনুমান মন্দিৰত ফল দিয়ক।

ধনু : শুভ ৰং নীলা। শুভ সংখ্যা ৭, দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ্থীৰ শুভ। প্ৰতিকাৰ-ক’লা তুলসী পাতত বগা চন্দন লগাই শ্রীবিষ্ণুৰ চৰণত দিব।

মকৰ : শুভ ৰং ৰঙা। সংখ্যা ৫, স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লওক। অর্থ হানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ’ব পাৰে। ব্যৱসায়ত লেনদেন কৰোতে সাৱধান হ’ব। লাভ বৃদ্ধি হ’ব। প্ৰতিকাৰ- সূর্য দেৱতাক স্মৰণ কৰক।

কুম্ভ :শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩, শুভ কাম কৰাৰ সিদ্ধান্ত হ’ব পাৰে। ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে। চাকৰিৰ বাবে শ্রেষ্ঠা কৰক ফল পাব। প্ৰতিকাৰ- মন শুদ্ধ কৰি গনেশ দেৱতাৰ চৰণ চিন্তা কৰক।

মীন: শুভ ৰং নীলা। শুভ সংখ্যা ২, আত্মীয়ৰ কাৰণে সমস্যাত পৰিব। সাংসাৰিক অশান্তি বাঢ়িব। সন্তানৰ কাৰণে আনৰ কথা শুনিব লগা হ’ব পাৰে। হাতলৈ টকা আহিব কিন্তু খৰচ বৃদ্ধি পাব। প্ৰতিকাৰ ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি চাৰি কোনত চাৰি ডাল ধূপ জলাই সূৰ্য্য লৈ চাই পানী ধালিব।

Exit mobile version