Morbi Bridge Collapse : দুই কোটিৰ পৰিৱৰ্তে ২৮ লাখতেই মেৰামতি কৰা হৈছিল দলং !

গুজৰাট দলং দুর্ঘটনাৰ বৃহৎ তথ্য প্রকাশ্যত

morbi afp 1158184 1667270098

Morbi Bridge Collapse :

দেওবাৰে সন্ধিয়া গুজৰাটৰ মৰবিত ব্রিটিছৰ আমোলত নিৰ্মিত কেবল সেতু ভাঙি নাৰী-শিশুসহ বহু লোকৰ মৃত্যু হৈছে । উলমা দলং ভঙাৰ সময়ত নাৰী আৰু শিশুসহ প্রায় পাঁচশ লোক আছিল সেতুত । সেতু ভাঙি তেওঁলোকো নদীত পৰি যায় । সাত মাহ ধৰি সেতুটোৰ মেৰামতি কৰা হৈছিল । তাৰ পাছতো কেনেদৰে সেতুটো ভাঙি পৰিল ?

তথ্য অনুসৰি, সেতুটো মেৰামতি কৰিবলৈ দুই কোটি নহয়, মাত্ৰ ২৮ লাখ টকা ব্যয় কৰিছিল অৰেৱা কোম্পানিয়ে । কেৱল মাজত মেৰামতি কৰা হৈছে. কেবলটো প্রতিস্থাপন কৰা হোৱা নাছিল । তদন্তকাৰী বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত ৰিমাণ্ডৰ সময়ত চৰকাৰী অধিবক্তাই বিষয়টো আদালতত উত্থাপন কৰে ।

মচ্ছু নদীৰ ওপৰত সেতু বিপর্যয়ৰ তদন্তত ইতিমধ্যে ছিট গঠন কৰিছে ৰাজ্য চৰকাৰে । সেতু বিপর্যয়ত এই পর্যন্ত নজনক গ্রেপ্তাৰ কৰা হৈছে । মূল অভিযুক্তক শীঘ্ৰে গ্রেপ্তাৰৰ দাবী জনাইছে স্থানীয়সকলে । দলঙৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা অৰেৱা সংস্থাৰ মেনেজাৰ দীপক পাৰেখক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ডিএছপি আদালতত কয়, “দলংখন কেবলৰ ওপৰত ভৰ দি আছে । কোনো তেল বা গ্রিছ দিয়া হোৱা নাছিল । কেবল ছিঙি যোৱা দখৰত মামৰধৰি আছিল । সেইটৈ যদি চফা কৰা হ’ল হয় এনে দুর্ঘটনা সংঘটিত ন’হল হয় । নমুনা সংগ্রহ কৰি তাৰ গুণমান পৰীক্ষা কৰি সেইবোৰ বেয়া হোৱা বুলি পাইছে । সেইবোৰ তদন্ত কৰা হ’ব ।”

তেওঁ আদালতত কয়, “গান্ধীনগৰৰ এটা দলৰ ফৰেনচিক ছায়েন্স লেবৰেটৰিৰ প্ৰতিবেদন অনুযায়ী, সেতুটোত কিমান লোক উপস্থিত থাকিব পাৰিব নির্ধাৰণ নকৰাকৈয়ে ২৬ অক্টোবৰত চৰকাৰৰ অনুমোদন অবিহনেই মুকলি কৰি দিয়া হৈছিল । ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ অংশ হিচাপে কোনো লাইফগার্ড মোতায়েন কৰা হোৱা নাছিল । কেৱল তলৰ পথছোৱা পৰিৱর্তন কৰা হৈছিল । অন্য কোনো কাম কৰা হোৱা নাই ।”

প্রসংগত, মৰবিৰ গ্রাউণ্ড জিৰ’ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গুজৰাটৰ গৃহমন্ত্রীৰ স’তে দুর্ঘটনাস্থল পৰ্যবেক্ষণ কৰে । কেনেদৰে দুর্ঘটনা সংঘটিত হ’ল ? ক’ৰ পৰা ছিঙিল কেবল সেতুটো ? তেওঁ সকলোখিনি পৰ্যবেক্ষণ কৰে । ইয়াৰ পাছত আহতসকলৰ খবৰ ল’বলৈ হাস্পাতালতো উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।

আনকি দুর্ঘটনাৰ পাছতেই গুজৰাট চৰকাৰে নিহতসকলৰ প্রত্যেক পৰিয়ালৰ সদস্যক চাৰি লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হেজাৰ টকা ক্ষতিপূৰণ ঘোষণা কৰিছে । প্রধানমন্ত্রীথ তহবিলৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়েও নিহতসকলৰ পৰিয়ালক দুই লাখ টকা আর্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে ।

Exit mobile version